ৰাছিয়াৰ বোমাত জেহাদীসহ নিহত ২০০
🔹 ছিৰিয়াত পুনৰ ৰক্তপাত : ৰাষ্ট্রীয় পথ বন্ধৰ পিছতে মোক্ষম আঘাত
নিউজ ডেস্ক, ৩০ নৱেম্বৰ : গৃহযুদ্ধবিধ্বস্ত ছিৰিয়াত জেহাদীয়ে এটা গুৰুত্বপূর্ণ ৰাষ্ট্রীয় ঘাইপথ কাটি পেলোৱাৰ ফলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ডামাস্কাছ–এলেপ্প’ ৰাষ্ট্রীয় ঘাইপথেৰে যাতায়াত বন্ধ হৈ পৰাৰ সময়তে ৰাছিয়াই চলোৱা বোমাবর্ষণত কমপক্ষেও ২০০জন নিহত হৈছে৷ নিহত লোকসকলৰ ভিতৰত অসামৰিক লোকো আছে৷ স্মর্তব্য যে হায়াট টাহৰিৰ আল–শ্বাম (এইচটিএছ) আৰু ইয়াৰ সহযোগী বিদ্রোহী যোদ্ধাই উত্তৰ এলেপ্প’ৰ চৰকাৰ নিয়ন্ত্রিত অঞ্চলত আক্রমণ চলায়৷ ইয়াৰ পিছতে বিদ্রোহী বাহিনী তথা জেহাদীক প্রতিহত কৰিবলৈ ৰাছিয়াই বোমাবর্ষণ কৰে৷ এই ঘটনাত এইচটিএছৰ ১০২ যোদ্ধা নিহত হোৱাৰ উপৰি চৰকাৰী বাহিনীৰ ৬১জন যোদ্ধা নিহত হয়৷ ইয়াৰ উপৰি কেইবাগৰাকীও অসামৰিক লোক নিহত হৈছে৷ ছিৰিয়াৰ পৰিস্থিতি নিৰীক্ষণ কৰি থকা ব্রিটিৰ মানৱ অধিকাৰ সংস্থা ছিৰিয়ান অৱজাৰভেটৰী অৱ হিউমেন ৰাইটছে এই তথ্য সদৰী কৰিছে৷