‘মেক ইন ইণ্ডিয়া’ই সলনি কৰিছে ভাৰতৰ অৰ্থনীতি, মোদীক প্ৰশংসা পুটিনৰ
বিশেষ বাৰ্তা, ৩০ জুনঃ আমেৰিকাৰ পিছত এইবাৰ ৰাছিয়াই প্ৰশংসা কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কয় যে ভাৰতৰ মেক ইন ইণ্ডিয়া প্ৰকল্পৰ বাবে দেশখনৰ বিত্তীয় অৱস্থা উন্নত হৈছে। ৰাছিয়ায়ো একে পথেই অনুসৰণ কৰিব পাৰে। প্ৰসংগক্ৰমে উল্লেখ্য যে কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল। দুয়োখন দেশৰ কূটনীতিবিদসকলে দাবী কৰে যে এই ভ্ৰমণৰ ফলত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী হৈছে। ইয়াৰ পিছতে ভাৰতৰ প্ৰশংসা ৰাজহুৱাভাৱে শুনা গ’ল দীৰ্ঘদিনীয়া বন্ধু ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ মুখত। ৰাছিয়াৰ সংবাদ সংস্থাৰ মতে, মস্কোত পুটিনে এক অনুষ্ঠানত অংশ লৈছিল। তাত ভাষণ দি থাকোঁতে তেওঁ কয়- “ভাৰত আমাৰ বন্ধু। প্ৰধানমন্ত্ৰী মোদীৰ সৈতেও ভাল বন্ধুত্ব আছে। কেইবছৰমান আগতে তেওঁ ভাৰতত ‘মেক ইন ইণ্ডিয়া’ নামৰ এটা প্ৰজেক্ট আৰম্ভ কৰিছিল। দেশখনৰ অৰ্থনীতিত ইয়াৰ প্ৰভাৱ অতি ভালদৰে দেখা গৈছে।” ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতে দেখুওৱা ধৰণে ৰাছিয়ায়ো দেশত নিৰ্মিত সামগ্ৰীসমূহ জনপ্ৰিয় কৰি তুলিব পাৰে। প্ৰসংগক্ৰমে উল্লেখ্য যে ভাৰতে ৰাছিয়াৰ লগত বহুদিনৰ পৰা বন্ধুত্ব ৰক্ষা কৰি আহিছে। কিন্তু বন্ধুত্বৰ মাজতো ভাৰতে ইউক্ৰেইনৰে যুদ্ধত ৰাছিয়াৰ কাষত থিয় দিয়া নাছিল। বৰঞ্চ শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰাৰহে বাৰ্তা দিয়ে। ইয়াৰ পিছতো ভাৰত-ৰাছিয়াৰ সম্পৰ্কত ফাট মেলা নাছিল। কিছুদিন পূৰ্বে ভাৰতত ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ অলিপাভে কয় যে দুয়োখন দেশৰ সম্পৰ্ক পূৰ্বতকৈ বহু বেছি শক্তিশালী হৈ পৰিছে।