নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংসদ পদ ওভতাই পালে ৰাহুল গান্ধীয়ে

বিশেষ বাৰ্তা, ৭ আগষ্ট : সাংসদ পদ ওভতাই পালে ৰাহুল গান্ধীয়ে। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে তেওঁৰ শাস্তি স্থগিত ৰাখিছিল। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ৪৮ ঘণ্টাৰ পাছত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুল গান্ধীক পুনৰ সাংসদ হিচাপে নিযুক্তি দিয়ে। সোমবাৰে পুৱা অধ্যক্ষ সচিবালয়ৰ পৰা এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰে। ফলত মঙলবাৰে সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ কাৰ্যসূচীত যোগদান কৰিবলৈ সক্ষম হ’ব ৰাহুল। উল্লেখ্য যে যোৱা মাৰ্চ মাহত মানহানি গোচৰত ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰিছিল চুৰাটৰ এখন আদালতে। চুৰাট দণ্ডাধীশ আদালতৰ ন্যায়াধীশে তেওঁক দুবছৰ কাৰাদণ্ডৰ শাস্তি বিহে। সেই শাস্তিৰ ফলত ৰাহুলৰ সাংসদ পদো খাৰিজ কৰা হয়। কাৰণ, জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ৮ (১) অনুসৰি যদি কোনো সাংসদ-বিধায়কক কোনো অপৰাধত দোষী সাব্যস্ত কৰি দুবছৰ বা তাতকৈ অধিক কাৰাদণ্ডৰ শাস্তি বিহা হয়, তেন্তে সাংসদ বা বিধায়ক হিচাপে তেওঁৰ পদ তৎক্ষণাত খাৰিজ কৰা হয়। লক্ষণীয়ভাৱে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ৰাহুলৰ শাস্তি স্থগিত ৰাখিছিল। উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছতে ৰাহুলে পুনৰ সাংসদ পদ লাভ কৰাৰ পথ মসৃণ হৈ পৰে।

You might also like