বৃষ্টিপাত–ভূমিস্খলন-বানত ৪৫ দিনত দেশজুৰি ৬২৪জনৰ প্ৰাণহানি
বিশেষ বাৰ্তা, ১৭ জুলাই : দেশৰ কেইবাখনো ৰাজ্যত মুষলধাৰ বৃষ্টি অব্যাহত আছে ৷ চলিত বর্ষাকালত অত্যধিক বৃষ্টিপাতৰ সন্মুখীন হৈছে দিল্লী, হিমাচল প্রদেশ, উত্তৰাখণ্ড, উত্তৰ প্রদেশ আদি ৰাজ্য ৷ এতিয়ালৈকে যোৱা জুন মাহৰ পৰা বৃষ্টিপাত, ভূমিস্খলন আৰু বানত দেশত মৃত্যু হৈছে ৬২৪গৰাকী লোকৰ ৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ তৰফৰ পৰা সদৰী কৰা হৈছে এই তথ্য ৷ ৪৫ দিনত দেশজুৰি ৬২৪গৰাকী লোকৰ মৃত্যু হোৱা বুলি গৃহ মন্ত্রালয়ৰ তৰফৰ পৰা প্রকাশ কৰাৰ উপৰি একেই সময়ছোৱাত বিগত বর্ষৰ তুলনাত ৩২ শতাংশ কম প্রাণহানি হোৱা বুলিও দাবী কৰা হৈছে ৷ ইয়াৰ মূল কাৰণ হৈছে পূব আৰু মধ্য ভাৰতত চলিত বর্ষত বৃষ্টিপাতৰ পৰিমাণ কম ৷ বতৰ বিজ্ঞান বিভাগৰ তথ্যৰ উদ্ধৃতি দি গৃহ মন্ত্রালয়ৰ প্রতিবেদনত উল্লেখ কৰা হৈছে যে তেলেংগানা, মধ্যপ্রদেশ আৰু মহাৰাষ্ট্রত চলিত বর্ষা ঋতুত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ যথেষ্ট কম হৈছে ৷ হিমাচল প্রদেশত সর্বাধিক ২২৩ মিলিমিটাৰ বৃষ্টিপাত হোৱা বুলি সদৰী কৰা হৈছে প্রতিবেদনত ৷ উল্লেখনীয় যে বিগত ৪৫ দিনত হিমাচল প্রদেশত ৯৯গৰাকী লোকে বৰষুণজনিত কাৰণত প্রাণ হেৰুৱাবলগীয়া হৈছে ৷ ২০২২ বর্ষটোত এই সময়ছোৱাত ৰাজ্যখনত মৃত্যু হৈছিল ১৮৭গৰাকী লোকৰ ৷ চলিত বর্ষত আটাইতকৈ বেছিসংখ্যক লোকৰ মৃত্যু হৈছে গুজৰাটত ৷ প্রধানমন্ত্রী মোদীৰ গৃহৰাজ্যখনত বৰষুণজনিত কাৰণত ১০৩গৰাকী লোকৰ মৃত্যু হোৱা বুলি সদৰী কৰিছে গৃহ মন্ত্রালয়ে৷ অৱশ্যে হিমাচল প্রদেশত ২০২২ বর্ষৰ একেই সময়ছোৱাত সম্পদৰ ক্ষতি যিমান হৈছিল, তাতকৈ পাঁচগুণ বেছি হোৱা বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে ৷ কর্ণাটকত ৮৭গৰাকী লোকৰ এই সময়ছোৱাত মৃত্যু হোৱাৰ বিপৰীতে ৰাজস্থানত প্রাণ হেৰুৱাইছে ৩৬গৰাকীয়ে৷