নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যর্থ ৰিয়ান : হোম গ্ৰাউণ্ড বর্ষাপাৰাত জয়েৰে শীর্ষলৈ ৰাজস্থান ৰয়েলছ

বিশেষ বাৰ্তা, ৮ এপ্রিলঃ ৰাজস্থান ৰয়েলছে গুৰুত্বপূর্ণ বিজয় সাব্যস্ত কৰি চলিত আই পি এলৰ পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হৈছে৷ গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত আজি অনুষ্ঠিত মেচখনত ৰাজস্থান ৰয়েলছে দিল্লী কেপিটেলছক ৫৭ ৰানত পৰাস্ত কৰে৷ মেচখনত বিজয় সাব্যস্ত কৰি সঞ্জু ছেমছন নেতৃত্বাধীন ৰাজস্থানে তিনিখন মেচৰ দুখনত জয় আৰু এখনত পৰাস্ত হৈ মুঠ ৪ পইণ্টেৰে পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হয়৷ বিপৰীতে দিল্লী কেপিটেলছে পৰাজয়ৰ হেটট্রিক গঢ়ে৷ আজিৰ মেচখনত ৰাজস্থানৰ জয়ৰ মূলতেই আছিল অ’পেনাৰদ্বয় যশস্বী জয়ছোৱাল আৰু জ’ছ বাটলাৰৰ বিস্ফোৰক অর্ধশতক৷ মেচখনত ৰাজস্থানে জয়ৰ বাবে বান্ধি দিয়া ২০০ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ট্রেণ্ট বল্ট, য়ুজবেন্দ্র ছাহাল আৰু ৰবিচন্দ্রন অশ্বিনৰ দুর্দান্ত বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ দিল্লীয়ে নির্ধাৰিত ২০ অভাৰত ৯ উইকেটত ১৪২ ৰানহে কৰে৷ অধিনায়ক ডেভিদ ৱার্নাৰৰ বাহিৰে দলটোৰ কোনো এগৰাকী বেটাৰে ক্রিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে৷ ৱার্নাৰে সর্বাধিক ৬৫ ৰান কৰে৷ ললিত যাদৱে ৩৮ আৰু ৰিলী ৰছউৱে ১৪ ৰান কৰাৰ বাহিৰে বাকীসকল বেটাৰ দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ মন কৰিবলগীয়া যে প্রথমটো অভাৰৰ তৃতীয় আৰু চতুর্থটো বলত পৃথ্বি শ্ব আৰু মনীষ পাণ্ডেই পেভিলিয়নমুখী হয়৷ সেই সময়ত দলটোৰ স্ক’ৰ আছিল দুই উইকেটত শূন্য ৰান৷ অক্ষৰ পেটেলে ২, ৰ’ভমান পাৱেলে ২ আৰু অভিষেক পৰেলে ৭ ৰান কৰি বিদায় লয়৷ ৰাজস্থানৰ হৈ বল্ট আৰু ছাহাল উভয়ে সর্বাধিক তিনিটাকৈ, ৰবিচন্দ্রন অশ্বিনে দুটা আৰু সন্দীপ শর্মাই এটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি জয়ছোৱাল আৰু বাটলাৰৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত ৰাজস্থানে নির্ধাৰিত ২০ অভাৰত ৪ উইকেটত ১৯৯ ৰান সংগ্রহ কৰে৷ অ’পেনাৰ দুগৰাকীয়ে প্রথম উইকেটত ৯৮ ৰান সংগ্রহ কৰে৷ জয়ছোৱালে ৩১টা বলত ৬০ আৰু বাটলাৰে ৫১টা বলত ৭৯ ৰান কৰে৷ হেটমায়েৰে ২১টা বলত ৩৯ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে অসম সন্তান ৰিয়ান পৰাগ পুনৰবাৰ ব্যর্থ হয়৷ পৰাগে আজি ১১টা বলৰ সন্মুখীন হৈ মাত্র সাত ৰান কৰি বিদায় লয়৷ অধিনায়ক সঞ্জু ছেমছনে কোনো ৰান নকৰাকৈ বিদায় লয়৷

You might also like