ৰামদেৱ–বালাকৃষ্ণক আদালতত সোঁশৰীৰে হাজিৰ হ’বলৈ দুসপ্তাহৰ সময়সীমা
🔹 পতঞ্জলি আয়ুর্বেদৰ বিপথে পৰিচালিত বিজ্ঞাপনক লৈ ক্ষুণ্ণ উচ্চতম ন্যায়ালয়
বিশেষ বাৰ্তা, ১৯ মার্চ : যোগগুৰু বাবা ৰামদেৱক সোঁশৰীৰে হাজিৰ হ’বলৈ জাননী উচ্চতম ন্যায়ালয়ৰ৷ পতঞ্জলি আয়ুর্বেদৰ বিপথে পৰিচালিত বিজ্ঞাপন তথা ভুৱা বিজ্ঞাপনক লৈ ক্ষুণ্ণ উচ্চতম ন্যায়ালয়ে আজি যোগগুৰু ৰামদেৱক দুসপ্তাহৰ ভিতৰত আদালতত হাজিৰ হ’বলৈ জাননী জাৰি কৰিছে৷ বাবা ৰামদেৱৰ উপৰি পতঞ্জলি আয়ুর্বেদৰ পৰিচালন সঞ্চালক আচার্য বালাকৃষ্ণকো আদালতত সোঁশৰীৰে হাজিৰ হ’বলৈ নির্দেশ জাৰি কৰিছে সর্বোচ্চ ন্যায়ালয়ে৷ উল্লেখ্য যে যোৱা ২৭ ফেব্রুৱাৰীত উচ্চতম ন্যায়ালয়ে ৰক্তচাপ, মধুমেহ, আর্থ্রাইটিছ, এজমা আদি বিভিন্ন ৰোগ নিৰাময়ৰ বাবে পতঞ্জলি আয়ুর্বেদে উৎপাদন কৰা ঔষধৰ বিজ্ঞাপন বন্ধ কৰিবলৈ নির্দেশ দিছিল৷ এই নির্দেশক অৱমাননা কৰি পতঞ্জলি আয়ুর্বেদে ধাৰাবাহিকভাৱে বিপথে পৰিচালিত বিজ্ঞাপন প্রচাৰ কৰি আহিছে৷ ইয়াক লৈ ক্ষুণ্ণ উচ্চতম ন্যায়ালয়ে আদালত অৱমাননাৰ বাবে আজি বাবা ৰামদেৱ আৰু আচার্য বালাকৃষ্ণলৈ জাননী জাৰি কৰিছে৷ উল্লেখ্য যে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে পতঞ্জলি আয়ুর্বেদে ঔষধৰ বিপথে পৰিচালিত বিজ্ঞাপন প্রচাৰ কৰি থকা বুলি আদালতত আবেদন জনাইছিল৷ সেই আবেদনৰ পৰিপ্রেক্ষিততে সর্বোচ্চ ন্যায়ালয়ে পতঞ্জলি আয়ুর্বেদক বিজ্ঞাপন বন্ধ কৰাৰ নির্দেশ দিয়ে৷ আদালতৰ নির্দেশ অৱমাননা কৰাৰ বাবেই বাবা ৰামদেৱ আৰু আচার্য বালাকৃষ্ণক আজি সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিমা কোহলি আৰু আমানুল্লাৰ বিচাৰপীঠে এই জাননী জাৰি কৰিছে৷ মন কৰিবলগীয়া যে আজি ৰামদেৱৰ হৈ শুনানিত যুক্তি প্রদর্শন কৰে জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগীয়ে৷ বিচাৰপীঠে জ্যেষ্ঠ অধিবক্তাগৰাকীৰ যুক্তি শুনাৰ পাছত বাবা ৰামদেৱ আৰু আচার্য বালাকৃষ্ণক সোঁশৰীৰে হাজিৰ হ’বলৈ জাননী জাৰি কৰে৷