নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেলেংগানাৰ চাৰিবাৰৰ বিধায়ক ৰমেশ জার্মান নাগৰিক !

🔹 উচ্চ ন্যায়ালয়ৰ ঘোষণা : ৩০ লাখ টকা জৰিমনা

নিউজ ডেস্ক, ১০ ডিচেম্বৰ : তেলেংগানাৰ প্রাক্তন বিধায়ক চেন্নামানেনি ৰমেশ আচলতে এগৰাকী জার্মান নাগৰিক৷ কালি এই কথা ঘোষণা কৰিছে তেলেংগানা উচ্চ ন্যায়ালয়ে৷ ৰমেশ চাৰিবাৰৰ বিধায়ক৷ ইয়াৰ ভিতৰত বিআৰএছৰ প্রার্থী হিচাপে বেমুলাৱাড়াৰ পৰা তিনিবাৰ বিধায়ক নির্বাচিত হৈছে ৰমেশে৷ কালি তেলেংগানা উচ্চ ন্যায়ালয়ে সদৰী কৰিছে যে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে জাল নথি ব্যৱহাৰ কৰি নিজকে ভাৰতীয় নাগৰিক বুলি দাবী কৰিছিল ৰমেশে৷ ২০২৩ চনৰ বিধানসভা নির্বাচনতো বেমুলাৱাড়াৰ পৰা প্রতিদ্বন্দ্বিতা কৰে ৰমেশে৷ কিন্তু এই নির্বাচনত পৰাজিত হয় প্রার্থীগৰাকী৷ সমষ্টিটোৰ পৰা জয়ী হয় কংগ্রেছ প্রার্থী আদি শ্রীনিবাস৷ ৰমেশৰ বিৰুদ্ধে আদালতত গোচৰ তৰিছিল শ্রীনিবাসে৷ কালি উচ্চ ন্যায়ালয়ৰ পৰা ঘোষণা কৰা হয় যে ৰমেশে জার্মানীৰ নাগৰিক নহয় বুলি কোনো গ্রহণযোগ্য নথি জার্মান দূতাবাসৰ পৰা সংগ্রহ কৰিব পৰা নাই৷ প্রাক্তন বিধায়কগৰাকীক ৩০ লাখ টকাৰ জৰিমনা বিহিছে ন্যায়ালয়ে৷ ইয়াৰ ভিতৰত ৫ লাখ টকা দিব লাগিব গোচৰ তৰা কংগ্রেছ নেতা আদি শ্রীনিবাসক৷

You might also like