নিউজ ডেস্ক, ৮ মে’ : অনুসন্ধানমূলক বাতৰিৰ বাবে ৰয়টাৰ-লৈ স্বীকৃতি। সাংবাদিকতা, গ্রন্থ, সমালোচনা, নাটক, সংগীতত প্রদান কৰি অহা পুলিৎজাৰ বঁটা ২০২৫ ঘোষণা কৰা হৈছে৷ আমেৰিকাৰ সংবাদ ক্ষেত্রত সন্মানীয় বঁটা হিচাপে পৰিচিত পুলিৎজাৰ বঁটা নিউয়র্কছ টাইমে চাৰিটা লাভ কৰাৰ বিপৰীতে অনুসন্ধানমূলক বাতৰিৰ বাবে ৰয়টাৰে বঁটাটি লাভ কৰে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ফেণ্টানীলৰ অনুসন্ধানৰ বাবে ৰয়টাৰলৈ আগবঢ়োৱা হৈছে এই বঁটা৷ ফেণ্টানীল প্রস্তুত কৰাৰ বাবে ব্যৱহূত ৰাসায়নিকৰ আন্তর্জাতিক বাণিজ্যত সংঘটিত হোৱা অনিয়ম সন্দর্ভত অনুসন্ধানমূলক বাতৰিৰ বাবে ৰয়টাৰে বঁটাটি লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰয়টাৰে ফেণ্টানীল এক্সপ্রেছ নামেৰে সাতখন প্রতিবেদন প্রকাশ কৰিছিল৷ এই ফেণ্টানীলে কেনেদৰে আমেৰিকা যুক্তৰাষ্ট্র আৰু চীনৰ মাজত সম্পর্কত সংঘাত আনিছিল তাৰো অনুসন্ধানমূলক তথ্য প্রকাশ পাইছিল৷ বিশ্বজুৰি চলি থকা যুদ্ধ সন্দর্ভত সঠিক বাতৰি পৰিৱেশন কৰাৰ বাবে আমেৰিকাৰ প্রসিদ্ধ বাতৰি কাকত নিউয়র্ক টাইমছলৈ আগবঢ়োৱা হৈছে৷