নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রাজিলত লেডী গাগা-ৰ সংগীতানুষ্ঠানত ২০ লক্ষাধিক দর্শক

🔹 পাঁচ সহস্রাধিক আৰক্ষীৰ নিৰাপত্তা

নিউজ ডেস্ক, ৫ মে’ : লেডী গাগা-ৰ সংগীতানুষ্ঠানত অভিলেখ সংখ্যক দর্শকৰ উপস্থিতি৷ লেটিন আমেৰিকান ৰাষ্ট্র ব্রাজিলৰ ৰিঅ’ ডি জেনেইৰো চহৰৰ কোপাকাবানা বীচ্চত আয়োজন কৰা লেডী গাগাৰ এক বিনামূলীয়া সংগীতানুষ্ঠানত অভিলেখ সংখ্যক দর্শকৰ উপস্থিতি দেখিবলৈ পোৱা যায়৷ উল্লেখনীয় যে পপ তাৰকাগৰাকীৰ এয়া সর্ববৃহৎ সংগীতানুষ্ঠান হিচাপে চিহ্ণিত হৈছে৷

ৰিঅ’ চহৰৰ অর্থনীতিক পুনৰ উজ্জীৱিত কৰাৰ লক্ষ্যৰে আয়োজন কৰা হৈছিল এই সংগীতানুষ্ঠানত৷ পৰহি অনুষ্ঠিত লেডী গাগাৰ এই সংগীতানুষ্ঠান আছিল গায়িকাগৰাকীৰ অষ্টমটো এলবাম ‘মেহেম’ৰ এক প্রমোচনেল ট্যুৰৰ অংশবিশেষ৷ এই এলবামটোত আছে লেডী গাগাৰ দুটা বিখ্যাত গান ‘আব্রাকাদাব্রা’ আৰু ‘ডাই উইথ এ স্মাইল’৷

স্মর্তব্য যে ২০১২ চনত অন্তিমবাৰৰ বাবে ব্রাজিলত সংগীত পৰিৱেশন কৰিছিল পপ গায়িকা লেডী গাগাই৷ পৰহি সংগীতানুষ্ঠানৰ পূর্বেই ৰিঅ’ ডি জেনেইৰো চহৰৰ বিভিন্ন স্থানৰ পৰা আহি দর্শকে ভিৰ কৰিবলৈ লয়৷ পুৱাৰ ভাগতে লেডী গাগাৰ অনুৰাগীসকলে কোপাকাবানা বীচ্চত শাৰী পাতিবলৈ ধৰে৷ লক্ষণীয় যে এই বিশাল সংগীতানুষ্ঠান শান্তিপূর্ণভাৱে সম্পন্ন কৰিবলৈ কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰে প্রশাসনে৷ পাঁচ সহস্রাধিক আৰক্ষীক মোতায়েন কৰা হয় চহৰখনৰ বিভিন্ন স্থানত৷ ব্রাজিলৰ ইতিহাসত গাগাৰ এই সংগীতানুষ্ঠান এক অভিলেখ হিচাপে চিহ্ণিত হৈছে৷

You might also like