নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেমডিচিভিৰ ঔষধ সহজলভ্য কৰাৰ লক্ষ্যঃ ভাৰতীয় সংস্থাৰ সৈতে মার্কিন ঔষধ প্রস্তুতকাৰকৰ চুক্তি

নিয়মীয়া বাৰ্তা, ১৪ মে’ : ক’ৰোনা মহামাৰীত আক্রান্ত ৰোগৰ পৰা আৰোগ্য লাভৰ বাবে ৰেমডিচিভিৰ ঔষধ যাতে সকলোতে সহজলভ্য হয় সেই কথা নিশ্চিত কৰিবলৈ মার্কিন ঔষধ প্রস্তুতকাৰক সংস্থা গিলিড ছায়েন্সেছৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে ভাৰতীয় সংস্থা জুবিলিয়েণ্ট লাইফ ছায়েন্স লিমিটেডে ৷ এই চুক্তিৰ ফলত ভাৰতসহ ১২০খন দেশে ৰেমডিচিভিৰ ঔষধ সৰবৰাহৰ লাইচেন্স লাভ কৰিলে ভাৰতীয় সংস্থাটোৱে ৷ জুবিলিয়েণ্টৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে, আন দেশলৈ ৰেমডিচিভিৰ সৰবৰাহৰ বাবেই যে ভাৰতীয় সংস্থাটোৰ সৈতে গিলিডৰ চুক্তি হৈছে সেয়া নহয়৷ এই লাইচেন্স ‘ন’ন এক্সক্লুছিভ’ ৷ আমেৰিকাৰ পৰা এই ঔষধ আনি বিশ্বৰ আন দেশত সৰবৰাহৰ লগতে ক’ৰোনা মহামাৰী ৰোগীৰ দ্রুত আৰোগ্যৰ বাবে নিম্ন আৰু মধ্য আয়ৰ দেশসমূহত এই ঔষধ প্রস্তুত কৰা বা উৎপাদন বঢ়াবও পাৰিব ভাৰতীয় সংস্থাটোৱে৷ জুবিলিয়েণ্টৰ এই অধিকাৰ থাকিব কেইবাখনো উচ্চ আয়ৰ দেশতো ৷

You might also like