উষ্ণতা বৃদ্ধিৰ ফলত বিশ্বজুৰি উপদ্রৱ বাঢ়িব এডিছ ইজিপ্তাই মহৰ
ডিজিটেল ডেস্ক, ২৬ মার্চ : মহৰ উপদ্রৱ কমাবলৈ বিজ্ঞানীসকলে বিভিন্ন চেষ্টা চলাইছে যদিও সফল হ’ব পৰা নাই৷ হাজাৰ চেষ্টা কৰিও বিনাশ কৰিব পৰা নাই এন’ফিলিছ ষ্টিফেনছাই, এডিছ ইজিপ্তাই আৰু কিউলেক্স মহৰ বংশ৷
আমাৰ দেশত বিশেষকৈ উত্তৰ–পূর্বাঞ্চলত মহৰ বংশবৃদ্ধিৰ অনুকূল পৰিৱেশ থকা বাবে মহৰ জৰিয়তে বিয়পা বেমাৰৰ প্রাদুর্ভাৱ বহু বেছি৷ তাৰ ভিতৰত ডেংগুৰ প্রকোপ অন্যতম৷ এইবাৰ পিছে ডেংগুৱে সলনি কৰিছে চৰিত্র৷ এই আশংকা কৰিছে বিজ্ঞানীসকলে৷ ইয়াৰ বাবে দায়ী কৰা হৈছে জলবায়ুৰ পৰিৱর্তনক৷ তাপমাত্রা যিমানেই বৃদ্ধি পাব সিমানেই চৰিত্র সলাব ডেংগু ভাইৰাছে৷
শেহতীয়াকৈ ডেংগুক লৈ চিন্তাৰ কাৰণ হ’ল বিজ্ঞানীসকলে লাভ কৰা কিছুমান নতুন তথ্য৷ বিশ্ব স্বাস্থ্য সংস্থা আৰু গ্ল’বেল ক্লাইমেট ৰিপ’ৰ্টত কোৱা হৈছে যে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে তাপমান বাঢ়িছে আৰু সলনি হৈছে স্থানীয় জলবায়ুৰ চৰিত্র৷ তাৰ লগতে সলনি হৈছে ডেংগু ভাইৰাছৰো চৰিত্র৷ এই ভাইৰাছৰ জিনত এনে এক ৰাসায়নিক পৰিৱর্তন হৈছে, যিয়ে ইয়াৰ সংক্রমণ ক্ষমতা বহুগুণে বৃদ্ধি কৰিছে৷
ৱর্ল্ড মেটেৰিয়ল’জিকেল অর্গেনাইজেচন, চমুকৈ ডব্লিউএমঅ’ৱে আশংকা প্রকাশ কৰা মতে, ২০২৫ৰ পৰা ২০২৯লৈকে ৫ বছৰত গড় উষ্ণতা ভূপৃষ্ঠৰ গড় তাপমাত্রা বৃদ্ধিৰ সীমাতকৈ (১.৫ ডিগ্রী চেলছিয়াছ) বেছি হ’ব৷ যিমানেই তাপমাত্রা বাঢ়িব সিমানেই ভাইৰাছটোৱে তাৰ নতুন ৰূপ সৃষ্টি কৰিব৷ তেতিয়া তাক প্রতিৰোধ কৰা অসম্ভৱ হৈ পৰিব৷ আইচলেণ্ডিক ইনষ্টিটিউট অৱ নেচাৰেল হিষ্ট্রীৰ গৱেষকসকলে দাবী কৰা মতে, ডেংগু এতিয়া কেৱল ক্রান্তীয় অঞ্চলৰে সংক্রামক ৰোগ নহয়, শীতপ্রধান দেশতো বিয়পি পৰিছে ডেংগু মহ৷