ইতিহাস সৃষ্টি কৰিব আমেৰিকাইঃ আদালতত নিয়োগ হ’ব ৰবট অধিবক্তা
নিয়মীয়া বাৰ্তা, ৮জানুৱাৰী: বিশ্বৰ আইনী ব্যৱস্থাত ইতিহাস সৃষ্টি হ’ব৷ প্রথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রত মানুহৰ সলনি ৰবট অধিবক্তাই আদালতত বাদী–বিবাদীক সহায় কৰিব৷ আদালতত ৰবট অধিবক্তাই বাদী–বিবাদীক পৰামর্শ প্রদান কৰিব৷ কৃত্রিম বুদ্ধিমত্তা সক্ষমতাসম্পন্ন ৰবট অধিবক্তাই আদালতত বাদী–বিবাদীক প্রতিনিধিত্ব কৰিব৷ ষ্টেনফ’ড বিশ্ববিদ্যালয়ৰ যছুৱা ব্রাউদাৰ নামৰ কম্পিউটাৰ বিজ্ঞানীজনে ২০১৫ চনত কেলিফ’র্নিয়াত স্থাপন কৰা ‘ডুনট পে’’ নামৰ কোম্পানীটোৱে সাজি উলিওৱা কৃত্রিম বুদ্ধিমত্তা ক্ষমতাসম্পন্ন ৰবট অধিবক্তাৰ দ্বাৰা আদালতত বিবাদীক সহায় কৰিব৷ আমেৰিকা যুক্তৰাষ্ট্রৰ আদালতত অহা মাহত প্রথমবাৰৰ বাবে ৰবট অধিবক্তা ব্যৱহাৰ কৰা হ’ব আৰু ইয়াৰ লগে লগে বিশ্বৰ আইনী ব্যৱস্থাত এক ইতিহাসৰ সৃষ্টি হ’ব৷ তথ্য–প্রযুক্তিৰ যুগত ৰবট অধিবক্তাৰ প্রয়োগ নিশ্চয়কৈ প্রশংসনীয় হ’ব৷ কিয়নো কোনো এজন ব্যক্তিয়ে আদালতৰ মজিয়াত নিজৰ হকে অধিবক্তাক নিয়োগ কৰাটো ব্যয়বহুল হৈ পৰে৷ এনে কাৰণত ৰবট অধিবক্তাৰ জৰিয়তে তেনে ব্যক্তিয়ে আদালতত নিজৰ হৈ ওকালতি কৰাৰ বাবে সুযোগ লাভ কৰিব৷ ডুনট পে’ কোম্পানীটোৱে দাবী কৰা মতে, বিশ্বৰ প্রথম ৰবট লয়াৰ হিচাপে ডুনট পে’ এপটোৱে কাম কৰিব৷ কোম্পানীটোৱে প্রকাশ কৰা মতে, কৃত্রিম বুদ্ধিমত্তা ক্ষমতাসম্পন্ন ৰবটটোৱে আদালতৰ সমস্ত প্রক্রিয়া শুনাৰ পিছত বিবাদীক সেই সন্দর্ভত অৱগত কৰিব৷