নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রন্থমেলাত পঢ়ুৱৈৰ আকৰ্ষণ ‘মুখ্যমন্ত্রীৰ ডায়েৰী–১’

নিয়মীয়া বাৰ্তা, ৮জানুৱাৰী: অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ যুটীয়া উদ্যোগত চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত অনুষ্ঠিত অসম গ্রন্থমেলাত পঢ়ুৱৈৰ ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ জনপ্রিয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সদ্যপ্রকাশিত গ্রন্থ ‘মুখ্যমন্ত্রীৰ ডায়েৰী–১’–এ৷ অন্যান্য গ্রন্থৰ সমান্তৰালকৈ উন্মোচিত হোৱাৰ পিছদিনাখনৰ পৰাই পঢ়ুৱৈৰ আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে গ্রন্থখন৷ সৰস্বতী প্রিণ্টার্ছ এণ্ড প্রাইভেট লিমিটেডে প্রকাশ কৰা গ্রন্থখন ৰাজনৈতিক–ৰাজনৈত্ ব্যক্তিসকলৰ লগতে সকলো বয়সৰ পাঠকে বিচৰা বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে যোৱা ৫ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে মুখ্যমন্ত্রীৰ কার্যালয়ৰ সভাকক্ষত ‘মুখ্যমন্ত্রীৰ ডায়েৰী–১’ শীর্ষক গ্রন্থখন উন্মোচন কৰিছিল৷ ইপিনে, আজি গ্রন্থমেলাত জনপ্রিয় লেখক দুর্জয় দত্তৰ অংশগ্রহণে সাহিত্যপ্রেমীসকলক উৎসাহী কৰি তোলে৷ গ্রন্থমেলাৰ আজি দশম দিনা সন্ধিয়া ৬.৩০ বজাত প্রিয় লেখকগৰাকী উপস্থিত হোৱাৰ লগে লগে অনুৰাগীসকলে আগুৰি ধৰি তেওঁক সৃষ্টিৰ বিষয়ে বিভিন্ন প্রশ্ণ কৰে৷

গ্রন্থমেলাৰ মূল মঞ্চত আয়োজিত আলাপ অনুষ্ঠানত মিলিত হৈ দত্তই এইবুলি কয়– ‘কিতাপক লৈ এনে উৎসৱ চমকপ্রদ৷ মই পূর্বেও অসমৰ গ্রন্থমেলালৈ আহিছিলোঁ৷ লক্ষ্য কৰিছোঁ গ্রন্থৰ আদৰ কমা নাই, বাঢ়িছেহে৷ ডিজিটেল যুগৰ প্রযুক্তিয়ে ছপা আখৰলৈ সংকট নমাই অনা বুলি বিভিন্ন পক্ষই শংকা প্রকাশ কৰাৰ সময়ত ইয়াত গ্রন্থক কেন্দ্র কৰি যি উৎসৱ উদ্যাপিত হৈছে এয়া সঁচাকৈয়ে অনিন্দ্য–সুন্দৰ৷ এনে গ্রন্থোৎসৱে লেখক, সাহিত্যিক, প্রকাশকসকলক নতুন কাম কৰিবলৈ উদগনি যোগাব৷’ অনুষ্ঠানটোৰ আঁত ধৰে আৰ জে আলিয়াই৷ উল্লেখ্য যে আজি বিয়লি ১ বজাত আয়োজিত ‘ডেউকা মেলি যায়’ শীর্ষক বিভিন্ন ক্ষেত্রৰ সুপ্রতিষ্ঠিত নাৰীৰ সৈতে আলাপৰ এটি অনুষ্ঠানে গ্রন্থমেলা প্রাংগণ উজ্জীৱিত কৰি তোলে৷ এই অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট লেখিকা ৰাণী গোহঁায়ে৷

ইয়াত বিশিষ্ট অতিথি ৰূপে অংশগ্রহণ কৰে সাহিত্যিক মণিকুন্তলা ভট্টাচার্য, প্রশাসনিক বিষয়া মণিতা বৰগোহাঁই, মণিদীপা বৰকটকী, সংগীত শিল্পী ড০ মৌচুমী চহৰীয়া, মনস্তত্ত্ব বিশেষজ্ঞ ডাঃ মৈথিলী হাজৰিকা, অভিনয় শিল্পী প্রণামী বৰা, ফেশ্বন আইকন কিৰণ বডো আদি ভিন্ন ক্ষেত্রত সৃষ্টি আৰু প্রতিভাৰে জিলিকি উঠা নাৰীসকলে৷ তেওঁলোকে সাফল্য অর্জন কৰা নিজৰ নিজৰ ক্ষেত্রৰ অভিজ্ঞতাৰ বিষয়ে বক্তব্যত প্রকাশ কৰি অনুষ্ঠানটি ৰসগ্রাহী কৰি তোলে৷ অনুষ্ঠানটোৰ আঁত ধৰে কবি–লেখিকা মন্দিৰা গগৈয়ে৷ উল্লেখ্য যে পুথিপ্রেমীৰ উৎসাহপূর্ণ অংশগ্রহণে আনন্দৰ লহৰ তোলাৰ সমান্তৰালভাৱে আশাৰ বতৰা কঢ়িওৱা গ্রন্থমেলাত যোৱা ২৯ ডিচেম্বৰৰ পৰা আজি পর্যন্ত ৪ কোটি ২৫ লাখ টকাৰ কিতাপ বিক্রী হোৱা বুলি সদৰী কৰিছে প্রকাশন পৰিষদে৷

আগন্তুক দুদিনত বিক্রীৰ হাৰ আৰু বৃদ্ধি পাব বুলি আশা প্রকাশ কৰিছে পৰিষদৰ লগতে অন্যান্য প্রকাশন গোষ্ঠীসমূহে৷ সন্ধিয়া মূল মঞ্চত অনুষ্ঠিত হয় এলানি মনপৰশা সাংস্কৃতিক কার্যসূচী৷ সাংস্কৃতিক অনুষ্ঠানৰ আঁত ধৰে প্রবোধ দাসে৷ এইবেলি অসম প্রকাশন পৰিষদে ৩৮খন নতুন গ্রন্থ প্রকাশৰ লগতে ৫২খন আপুৰুগীয়া গ্রন্থ পুনৰ মুদ্রণ কৰিছে৷ মুঠতে ৯০খন গুৰুত্বপূর্ণ গ্রন্থ প্রকাশ কৰিছে পৰিষদে৷ অসম গ্রন্থমেলা, গুৱাহাটীত উপলব্ধ হৈছে আন আন প্রকাশন গোষ্ঠীৰো নতুন নতুন গ্রন্থ৷ বিশিষ্ট সাহিত্যিক চন্দ্রপ্রসাদ শইকীয়াৰ জীৱন আৰু কর্মৰাজিক লৈও আজি গ্রন্থমেলাত অনুষ্ঠিত হয় গাম্ভীর্যপূর্ণ আলোচনা৷ সভাখনত গৱেষণাধর্মী আলোচনী ‘স্বর্ণলিপি’ৰ বিশেষ সংখ্যাটো উন্মোচন কৰে সাংবাদিক নিতুমণি শইকীয়াই৷

You might also like