AI ৰবটৰ ভৰিৰ যাদুত মোহাচ্ছন্ন ফুটবলপ্রেমী, ৰবট ফুটবল প্রতিযোগিতা
মানৱসৃষ্ট অত্যাধুনিক ৰবটে মানুহক পিছ পেলাই যাব নেকি, এই ধৰণৰ চর্চা আৰম্ভ হৈছে৷ ৰবটৰ দ্বাৰা মানুহে উদ্যোগৰ পৰা অতিথি আপ্যায়নলৈ বিভিন্ন কার্য সম্পাদন কৰি আহিছে৷ ক্রীড়া জগততো ৰবটৰ সংযোজন ঘটিছে৷
চীনত শেহতীয়াভাৱে ৰবট বনাম ৰবট ফুটবল প্রতিযোগিতাই বিশ্বৰ ফুটবলপ্রেমীৰ দৃষ্টি আকর্ষণ কৰিছে৷ এআই ৰবটে খেলা ফুটবল, এআই ৰবটৰ ভৰিৰ যাদুত মোহাচ্ছন্ন হৈছে ফুটবলপ্রেমী৷ ছাটবোটছ আৰু এজেণ্টিক এআইসহ কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ৰবটৰ দ্বাৰা ফুটবল প্রতিযোগিতা আয়োজন কৰা হৈছে৷
এআই ৰবটে প্রকৃত ফুটবল মেচ খেলাৰো সমর্থ হৈ পৰিব৷ বেইজিঙত ৰবটে শনিবাৰে নিশা ৰবট বনাম ৰবট প্রতিযোগিতাই আলোড়নৰ সৃষ্টি কৰিছে৷ বেইজিঙত আৰম্ভ হ’বলৈ গৈ থকা ৱর্ল্ড হিউমনইড ৰবট গেমছৰ পূর্বে ৰবটৰ ফুটবল প্রতিযোগিতা আয়োজন কৰি ইয়াৰ প্রচাৰৰ অভিযান আৰম্ভ কৰিছে৷ এআই ৰবটে ফুটবল খেলাত দক্ষতা প্রদর্শন কৰিবলৈ সক্ষম হৈছে৷
অৱশ্যে কেতিয়াবা কেতিয়াবা ৰবট বনাম ৰবট মেচখন হাস্যকৰ ঘটনাও সংঘটিত হৈছে৷ এই খেলখনত মানুহৰ কোনো সমর্থন বা সহায় লোৱা হোৱা নাছিল৷ সম্পূর্ণ কৃত্রিম বুদ্ধিমত্তাৰ সহায়েৰে প্রতিযোগিতাখন চলোৱা হৈছিল৷ প্রকৃত ফুটবলৰ দৰে খেলুৱৈসকলে যিদৰে খেলপথাৰত থিয় দিয়ে ঠিক তেনেদৰে ৰবটেও অংশ লৈছে৷
Niyomiya Barta Desk, Date of published : 1 July, 2025