নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইচিচিৰ বর্ষশ্রেষ্ঠ টি–২০ দলৰ অধিনায়ক ৰোহিত শর্মা

নিউজ ডেস্ক, ২৭ জানুৱাৰী : অধিনায়ক হিচাপে টি–২০ বিশ্বকাপ জয় কৰিছে ৰোহিত শর্মাই৷ ফলত, স্বাভাৱিকভাৱে আইচিচিৰ বর্ষশ্রেষ্ঠ টি–২০ দলত স্থান লাভ কৰিছে তেওঁ৷ আইচিচিৰ দলটোত তেওঁক অধিনায়ক হিচাপে ৰখা হৈছে৷ ইয়াৰ উপৰি আৰু তিনিজন ভাৰতীয়ই স্থান লাভ কৰিছে বর্ষশ্রেষ্ঠ দলটোত৷ কিন্তু দলত স্থান নাপালে বিৰাট কোহলিয়ে৷ দলটোত স্থান লাভ কৰা ভাৰতীয় ক্রিকেটাৰকেইগৰাকী হৈছে ৰোহিতৰ উপৰি যশপ্রীত বুমৰাহ, হার্দিক পাণ্ডিয়া আৰু অর্শদীপ সিং৷ ৰোহিতে বিশ্বকাপত নেতৃত্ব দিয়াৰ লগতে উন্নত প্রদর্শনো দাঙি ধৰিছে৷ প্রায় প্রতিখন মেচতে ভাৰতক সুন্দৰ আৰম্ভণি দিয়া ৰোহিতে আক্রমণাত্মক বেটিঙো কৰিছে৷ পাৱাৰ প্লেৰ সদ্ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে তেওঁ৷ বিশেষকৈ নক আউট পর্যায়ত ৰোহিতৰ বেটিঙে সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ তেওঁৰ বাবেই কোহলিৰ ব্যর্থতাই ভাৰতক সমস্যাত পেলাব নোৱাৰিলে৷ বুমৰাহ টি–২০ বিশ্বকাপৰ সর্বাধিক উইকেট দখলকাৰী৷ হার্দিকেও সুন্দৰ প্রদর্শন দাঙি ধৰিছে৷ বিশ্বকাপৰ ফাইনেলত হেনৰিখ ক্লাছেনৰ উইকেট দখল কৰি খেলৰ গতি সলনি কৰি দিছিল তেওঁ৷ সেইবাবে আইচিচিৰ দলত অলৰাউণ্ডাৰৰ তালিকাত স্থান লাভ কৰিছে তেওঁ৷ বিশ্বকাপৰ ফাইনেলৰ বাহিৰে ৰান পোৱা নাছিল কোহলিয়ে৷ ফাইনেলত শ্রেষ্ঠ খেলুৱৈৰ সন্মান অর্জন কৰিলেও এটা ইনিংছৰ বাবে তেওঁক বর্ষশ্রেষ্ঠ দলত স্থান দিয়া নহ’ল৷

You might also like