নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াৰ চন্দ্ৰ অভিযান বিফল

🔹 চন্দ্ৰপৃষ্ঠত খুন্দা লুনা-২৫ৰ
বিশেষ বাৰ্তা, ২০ আগষ্ট : ৪৭ বছৰৰ পিছত ৰাছিয়াই চন্দ্ৰ অভিযান আৰম্ভ কৰিছিল। এই অভিযান সফল হ’লে ২১ আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিলেহেঁতেন ৰাছিয়াৰ লুনা-২৫-এ। ৰাছিয়াৰ মহাকাশ সংস্থা ৰস্কোছমছৰ মতে, লুনা-২৫-এ চন্দ্ৰপৃষ্ঠত খুন্দা মৰাত এই অভিযান বিফল হয়। উল্লেখ্য যে ৰাছিয়াই ১০ আগষ্টত লুনা-২৫ উৎক্ষেপণ কৰিছিল। ৰাছিয়াৰ মহাকাশ সংস্থাই শনিবাৰে লুনা-২৫ পৰীক্ষা কৰি থকা সময়তে এই জৰুৰীকালীন অৱস্থাৰ বিষয়ে জানিব পাৰিছিল। লুনা-২৫ চন্দ্ৰ অভিযানৰ পূৰ্বে ১৯৭৬ চনত ৰাছিয়াই লুনা-২৪ উৎক্ষেপণ কৰিছিল। লুনা-২৫ৰ সৈতে ৰাছিয়াৰ মহাকাশ সংস্থা ৰস্কোছমছৰ স্থানীয় সময় অনুসৰি শনিবাৰে দুপৰীয়া ২.৫৭ বজাত সংযোগ বিচ্ছিন্ন হয়।

You might also like