নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন দিল্লীস্থিত পাকিস্তানী উচ্চায়ুক্ত ৰ কার্যালয়ত নিৰাপত্তা প্রত্যাহাৰ

পাকিস্তান হায় হায় ধ্বনি দি বিশাল প্রতিবাদ জনতাৰ

নিউজ ডেস্ক, ২৪ এপ্রিলঃ নতুন দিল্লীস্থিত পাকিস্তানী উচ্চায়ুক্ত উচ্চায়ুক্ত ৰ কার্যালয়ত নিৰাপত্তা প্রত্যাহাৰ। জম্মু–কাশ্মীৰৰ পেহেলগামত পর্যটকৰ ওপৰত পাক সন্ত্রাসবাদীয়ে বর্বৰ আক্রমণ চলোৱাৰ পাছতেই নতুন দিল্লীস্থ পাকিস্তানী উচ্চায়ুক্ত ৰ কার্যালয় বন্ধৰ নির্দেশ দিছে নতুন দিল্লীয়ে৷ উচ্চায়ুক্তৰ কার্যালয় বন্ধ কৰাৰ লগতে এসপ্তাহৰ ভিতৰতে সকলো কর্মচাৰীৰ ভাৰত এৰিবলৈও কঠোৰ নির্দেশ দিয়া হৈছে৷

পেহেলগামৰ সন্ত্রাসবাদী আক্রমণৰ পাকিস্তান প্রত্যক্ষভাৱে জড়িত থকাৰ নিশ্চিত তথ্যৰ পাছতেই কেন্দ্রীয় চৰকাৰে আজি নতুন দিল্লীস্থ পাক উচ্চায়ুক্তৰ কার্যালয়ৰ নিৰাপত্তা প্রত্যাহাৰ কৰিছে৷ আজি পুৱা কার্যালয়ৰ সমুখৰ বেৰিকেডসহ চিআৰপিএফৰ নিৰাপত্তা সম্পূর্ণ আঁতৰাই দিয়াৰ পাছতেই কার্যালয়টোৰ নিচেই ওচৰতে বিশাল প্রতিবাদ সাব্যস্ত কৰে পাকিস্তানৰ বিৰুদ্ধে৷ পাকিস্তান হায় হায় শ্ল’গান দি সহস্রাধিক জনতাই প্রতিবাদ সব্যস্ত কৰাৰ পাছত পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি উচ্চায়ুক্ত ৰ কার্যালয়ৰ সমুখত পাছলৈ সামান্য পৰিমাণে নিৰাপত্তাৰ ব্যৱস্থা কৰে৷ ইপিনে পেহেলগাম কাণ্ডৰ কোনোধৰণৰ অনুশোচনা নকৰি উচ্চায়ুক্ত ৰ কার্যালয়ৰ কর্মচাৰী এজনে ৰাস্তাৰে কেক কঢ়িয়াই অনা ঘটনাই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ পাক উচ্চায়ুক্ত কার্যালয়ৰ জন্মদিনৰ কেক বুলি কেক কঢ়িওৱা কর্মচাৰীজনে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে যদিও পেহেলগামত পাক সন্ত্রাসবাদীৰ হাতত ২৮ নিৰীহই প্রাণ হেৰুওৱাৰ পাছতো পাক উচ্চায়ুক্ত কার্যালয়ে কোনোধৰণৰ অনুশোচনা নকৰি জন্মদিনৰ কেক কাটিছে৷ এনেধৰণৰ প্রশ্ণও উত্থাপন হৈছে যে পেহেলগাম আক্রমণৰ সফলতাৰ কেক কাটি উদ্যাপন কৰিছে নেকি পাক কর্মচাৰীয়ে৷

বিশ্বজুৰি পেহেলগাম সন্ত্রাসবাদী আক্রমণক ধিক্কাৰ আৰু গৰিহণা দি থকাৰ সময়তে নতুন দিল্লীস্থ পাক উচ্চায়ুক্ত ৰ কার্যালয়ত কেক কাটি উদ্যাপন কৰা বিষয়টো উদ্বেগজনক৷ ইপিনে পেহেলগামত পাকিস্তানী সন্ত্রাসবাদীৰ নৃশংসতাৰ বিৰুদ্ধে আজিও দেশজুৰি প্রতিবাদ অব্যাহত আছে৷ জম্মু–কাশ্মীৰৰ বিভিন্ন প্রান্তত এই আক্রমণৰ বিৰোধিতাৰে দোকান–পোহাৰ, প্রতিষ্ঠান বন্ধ ৰখাৰ বিপৰীতে ঠায়ে ঠায়ে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিছে৷ দেশৰ ইমূৰৰ পৰা সিমূৰলৈ পাকিস্তানৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে জনতাই৷

You might also like