গুজৰাটত ৰাসায়নিক কাৰখানাত বিস্ফোৰণ, নিহত সাত
বিশেষ বাৰ্তা, ৩০ নৱেম্বৰ : কালি গুজৰাটৰ চুৰাটত এটা ৰাসায়নিক কাৰখানাত ভয়াৱহ বিস্ফোৰণ সংঘটিত হয়৷ এই ঘটনাত তাৎক্ষণিকভাৱে ২৪জন শ্রমিক আহত হোৱা বুলি ঘোষণা কৰিছিল আৰক্ষীয়ে৷ সন্ধান পোৱা নাছিল ৭জন শ্রমিকৰ৷ আজি এই ৭ শ্রমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে কাৰখানাটোত৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি কালি বিস্ফোৰণ ঘটে চুৰাটৰ ইথাৰ ইণ্ড্রাষ্ট্রিজৰ এই কাৰখানাটোত৷ ৰাসায়নিক দ্রৱ্যভর্তি এটা টেংকত অগ্ণি সংযোগ হোৱাৰ পিছতে ভয়াৱহ বিস্ফোৰণ সংঘটিত হয়৷ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু অগ্ণিনির্বাপক বাহিনী৷ আহত ২৪জনক উদ্ধাৰ কৰি হাস্পতালত ভর্তি কৰোৱা হয়৷