নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুৰাটত একেটা পৰিয়ালৰ ৭জনৰ আত্মহনন

🔹 গুজৰাটত চাঞ্চল্য

বিশেষ বাৰ্তা, ২৮ অক্টোবৰ : গুজৰাটৰ চুৰাট চহৰত একেটা পৰিয়ালৰ সাতজন সদস্যৰ আত্মহননক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আৰক্ষীয়ে পৰিয়ালটোৰ আটাইৰে মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনাস্থলীত আত্মহননৰ নোট উদ্ধাৰ কৰিছে৷ প্রাৰম্ভিক অনুসন্ধানত আৰক্ষীয়ে পৰিয়ালটোৰ আত্মহননৰ আঁৰত বিত্তীয় সংকট আছে বুলি প্রকাশ কৰিছে যদিও সঠিক অনুসন্ধানৰ অন্ততহে প্রকৃত কাৰণ পোহৰলৈ আহিব বুলি চুৰাটৰ উপ–আৰক্ষী আয়ুক্ত ৰাকেট বাৰোটে প্রকাশ কৰিছে৷ ঘটনাস্থলীত উদ্ধাৰ হোৱা আত্মহননৰ নোটৰ পুংখানুপুংখভাৱে অনুসন্ধান চলাই থকা হৈছে বুলিও আৰক্ষী বিষয়াজনে প্রকাশ কৰিছে৷ আত্মহনন কৰা পৰিয়ালৰ ৭জনৰ ভিতৰত চাৰিটি শিশুও আছে৷ মন কৰিবলগীয়া যে বিত্তীয় সংকটৰ বাবে একেটা পৰিয়ালৰ সাতজন সদস্যই চৰম পথ বাছি লোৱা ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিলেও এই আত্মহননৰ আঁৰত আন কিবা ৰহস্যৰো উমান পাইছে স্থানীয় লোকে৷ এনে কাৰণতে এই আত্মহননৰ ঘটনাটোৰ সঠিক তদন্তৰ দাবী জনাইছে অঞ্চলবাসীয়ে৷

You might also like