ভূমিস্খলনত হিমাচলত খহিল ৭টা প্রাসাদ
🔹 মুষলধাৰ বৃষ্টিপাতত ১২জনৰ প্রাণহানি
বিশেষ বাৰ্তা, ২৪ আগষ্ট : ভয়াৱহ প্রাকৃতিক দুর্যোগৰ সন্মুখীন হৈছে হিমাচল প্রদেশ৷ আজি ভূমিস্খলনত হিমাচলৰ কুলুত তাচপাতৰ ঘৰৰ দৰে খহি পৰিল সাতটা বহু মহলীয়া অট্টালিকা৷ মুহূর্তৰ ভিতৰত ধূলিসাৎ হৈ যায় বিশাল প্রাসাদবোৰ৷ এনে ঘটনা সংঘটিত হ’ব পাৰে বুলি আশংকা কৰি পূর্বেই নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছিল এই অঞ্চলৰ বাসিন্দাসকলক৷ ইয়াৰ পাছতো কোনো লোক হতাহত হৈছে নে নাই, তাৰ পর্যালোচনা কৰি আছে প্রশাসনে৷ প্রাসাদ বিধ্বস্ত হোৱা ভিডিঅ’ দেখি শিহৰিত হৈ পৰিছে বহু লোক৷ উল্লেখনীয় যে ধাৰাবাহিক বৃষ্টিপাত আৰু ভূমিস্খলনৰ ফলত স্বাভাৱিক জীৱনযাত্রা স্তব্ধ হৈ আছে হিমাচল তথা উত্তৰাখণ্ডত৷ দুয়োখন ৰাজ্যত ধাৰাবাহিক মুষলধাৰ বৃষ্টিপাতৰ বাবে নতুনকৈ মৃত্যু হৈছে ১৩গৰাকী লোকৰ৷ ইয়াৰে ১২জনৰেই হিমাচলত মৃত্যু হোৱা বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে৷ ডাৱৰ বিস্ফোৰণৰ ফলত হিমাচলৰ বিভিন্ন স্থানত পুনৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে৷ ইফালে, উত্তৰাখণ্ডৰ বিভিন্ন পথত ৪০০ৰো অধিক স্থানত ভূমিস্খলনে যাতায়াত স্তব্ধ কৰিছে৷