প্রাক্তন স্বামীৰ পৰা ভৰণ–পোষণৰ বাবে মাহত লাগে ৬ লাখ টকা
🔹 মহিলাৰ আবেদনৰ শুনানি লৈ হতবাক হাইক’ৰ্ট
🔹নিজেই উপার্জনত গুৰুত্ব দিয়া উচিত বুলি মহিলাগৰাকীক সতর্ক কৰি দিয়ে ন্যায়ালয়ে
নিউজ ডেস্ক, ২৩ আগষ্ট : প্রাক্তন স্বামীৰ পৰা মাহিলি ভৰণ–পোষণ হিচাপে ৬ লাখ টকা দাবী প্রাক্তন পত্নীৰ৷ পৰহি এটা গোচৰৰ শুনানিত মহিলাগৰাকীক তিৰস্কাৰ কৰিলে কর্ণাটক উচ্চ ন্যায়ালয়ে৷ বিচাৰপতি ললিতা কান্নেগন্তিৰ বিচাৰপীঠৰ তৰফৰ পৰা এই গোচৰটোত পর্যবেক্ষণ আগবঢ়োৱা হ’ল যে ইমান টকা ভৰণ–পোষণৰ বাবে প্রয়োজন হ’লে নিজেই উপার্জন কৰা উচিত৷ ন্যায়ালয়ৰ তৰফৰ পৰা এই কথাও জনোৱা হৈছে যে প্রাক্তন স্বামীয়ে যিমানেই ধন উপার্জন নকৰক কিয়, তাৰ ওপৰত ভৰণ–পোষণৰ অংক নির্ধাৰিত হ’ব নোৱাৰে৷ উল্লেখনীয় যে বিবাহ বিচ্ছেদৰ আবেদনৰ প্রতি সন্মতি জনাই নিম্ন আদালতে ভৰণ–পোষণৰ বাবে মাহত ৫০ হাজাৰ টকা ধার্য কৰিছিল৷ কিন্তু সেই ধনত সন্তুষ্ট নহয় মহিলাগৰাকী৷ সেইবাবে ভৰণ–পোষণৰ অংক বৃদ্ধি কৰাৰ আবেদন জনাই কর্ণাটক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল মহিলাগৰাকী৷ মহিলাগৰাকীয়ে দাবী কৰা অনুসৰি মাহত তেওঁৰ ৬ লাখ টকাতকৈও অধিক খৰচ হয়৷ গতিকে ভৰণ–পোষণ কমপক্ষেও ৫ লাখ টকালৈ বৃদ্ধি কৰিব লাগে৷ মহিলাগৰাকীৰ এই দাবী শুনি বিস্ময় প্রকাশ কৰে বিচাৰপীঠ কান্নেগন্তিয়ে৷ স্বামীৰ উপার্জনৰ ওপৰত ভৰণ–পোষণৰ পৰিমাণ নির্ভৰ নকৰে বুলি মহিলাগৰাকীক সতর্ক কৰি দি নিজেই উপার্জনত গুৰুত্ব দিয়া উচিত বুলিও পর্যালোচনা আগবঢ়ায় ন্যায়ালয়ে৷