নিষিদ্ধ হ’ব শ্বেখ হাছিনাৰ দল আৱামি লীগ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ফেব্ৰুৱাৰীঃ বাংলাদেশত মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱর্তীকালীন চৰকাৰে প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ লগতে তেওঁৰ ৰাজনৈতিক আৱামি লীগৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰি আহিছে৷ দেশখনত আৱামি লীগৰ নেতা–কর্মীক বিভিন্ন প্রকাৰে হাৰাশাস্তি চলাই থকাৰ পিছত এইবাৰ নিষিদ্ধ হ’ব শ্বেখ হাছিনাৰ আৱামি লীগ৷ ছাত্র বিক্ষোভৰ ফলত প্রধানমন্ত্রী পদ ত্যাগ কৰি শ্বেখ হাছিনাই বিগত বর্ষত দেশৰ পৰা পলায়ন কৰি ভাৰতত আশ্রয় লৈ থকাৰ পিছত গঠিত মহম্মদ ইউনুছ চৰকাৰে হাছিনাৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্রহণ কৰি আহিছে৷ প্রাক্তন প্রধানমন্ত্রী হাছিনাৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰাৰ লগতে এই সন্দর্ভত ইণ্টাৰ প’লৰ সহায় বিচাৰিছে৷ এই প্রক্রিয়া চলি থাকোঁতেই আৱামি লীগ নিষিদ্ধ কৰিব চৰকাৰকনে৷ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ দল আৱামি লীগক নিষিদ্ধ কৰাৰ বাবে সিদ্ধান্ত গ্রহণৰ দিশে আগবাঢ়িছে মহম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰখনে৷ বাংলাদেশৰ অন্তর্ৱর্তীকালীন চৰকাৰৰ মহম্মদ ইউনুছৰ উপদেষ্টা আছিফ মামুদ সজীৱ ভূঞাই প্রকাশ কৰা মতে আৱামি লীগক নিষিদ্ধ কৰা হ’ব৷ ৰাজনৈতিক বিশ্লেষকৰ মতে, মহম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰখনে পূর্বৰ সকলো ইতিহাস মচি পেলোৱাৰ সিদ্ধান্ত লৈছে৷ উল্লেখনীয় যে বাংলাদেশৰ পিতৃ তথা ‘বংগবন্ধু’ শ্বেখ মুজিবুৰ ৰহমানৰ বাসগৃহ ভাঙি–ছিঙি লণ্ডভণ্ড কৰাৰ লগতে অগ্ণিসংযোগ কৰা হৈছে৷ ‘বংগবন্ধু’ৰ প্রতিমূর্তিসমূহ দেশৰ প্রান্তে প্রান্তে ভাঙি পেলোৱা হৈছে৷ আনকি আৱামি লীগৰ নেত্রী তথা প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ বাসগৃহও ভাঙি–ছিঙি লণ্ডভণ্ড কৰা হৈছে৷ ইয়াৰ উপৰি আৱামি লীগৰ সদস্য–নেতাৰ ওপৰত আক্রমণ চলাই থকা হৈছে৷ বাংলাদেশৰ নির্বাচন সংস্কাৰ কমিছনে প্রকাশ কৰা মতে, আৱামি লীগক আদালত কিম্বা চৰকাৰে নিষিদ্ধ নকৰিলে পৰৱর্তী সময়ত দলটোৱে নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব৷ এনে পৰিপ্রেক্ষিততে ইউনুছ চৰকাৰে নির্বাচনৰ পৰা বাৰণ কৰিবলৈ আৱামি লীগক নিষিদ্ধ ঘোষণাৰ প্রস্তুতি চলাইছে৷ কার্যতঃ ইছলামিক কট্টৰপন্থীৰ হেঁচাত পৰিয়েই ইউনুছ চৰকাৰে দেশখনৰ ইতিহাস মচি পেলোৱাৰ ষড়যন্ত্র কৰাৰ উপৰি হাছিনাৰ দলক নিষিদ্ধ কৰাৰ প্রস্তুত চলাইছে৷