নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসুস্থ পথ কুকুৰ ! তেজ বিচাৰি মুম্বাইবাসীক আবেদন ৰতন টাটাৰ

🔹 দেশৰ খ্যাতনামা উদ্যোগপতিৰ পশুপ্রেমক লৈ চর্চা

বিশেষ বাৰ্তা, ২৮ জুন : বয়স ৭ মাহ৷ গুৰুতৰভাৱে অসুস্থ৷ মূলতঃ জ্বৰ আৰু ৰক্তহীনতাত ভুগিছে৷ গতিকে তেজৰ প্রয়োজন৷ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে টাটা গোষ্ঠীৰ অধ্যক্ষ ৰতন টাটাই৷ এটা অসুস্থ পথ কুকুৰৰ বাবে তেজ বিচাৰি এই ধৰণে মুম্বাইবাসীক আবেদন জনাইছে উদ্যোগপতি ৰতন টাটাই৷ টাটা গোষ্ঠীৰ অধ্যক্ষ ৰতন টাটাৰ পশুপ্রেমৰ কথা সকলোৱে জানে৷ বিশেষকৈ কুকুৰৰ প্রতি ৰতন টাটাৰ আছে বিশেষ আকর্ষণ৷ নিজৰ বাসগৃহত আছে কেইবাটাও পোহনীয়া কুকুৰ৷ ইয়াৰ উপৰি পথ কুকুৰৰ সেৱাৰ বাবে মাজে মাজে সহায়ৰ হাত আগবঢ়ায় ৰতন টাটাই৷ এইবাৰৰ ঘটনাও তেনেধৰণৰেই৷ সম্প্রতি ইনষ্টাগ্রামত এটা পথ কুকুৰৰ ছবি পোষ্ট কৰিছে উদ্যোগপতিগৰাকীয়ে৷ এই পোষ্টত ৰতন টাটাই উল্লেখ কৰে যে সংকটজনক অৱস্থাত এই কুকুৰটোক উদ্ধাৰ কৰা হৈছে৷ সাতমহীয়া এই কুকুৰটো জ্বৰ আৰু ৰক্তহীনতাত আক্রান্ত৷ তেজৰ প্রয়োজন৷ গতিকে মুম্বাইবাসীয়ে কুকুৰটোৰ তেজৰ ব্যৱস্থা কৰিব লাগে৷ ইয়াৰ পূর্বেও ছ’চিয়েল মিডিয়াত কুকুৰৰ ছবি পোষ্ট কৰিছিল ৰতন টাটাই৷ ২০২১ চনৰ ২৪ ছেপ্টেম্বৰত উদ্যোগপতিগৰাকীয়ে টুইট কৰা এখন ছবিয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ হূদয় জিনিছিল৷ তাত দেখিবলৈ পোৱা গৈছিল মুষলধাৰ বৃষ্টিৰ মাজতে এগৰাকী ব্যক্তিয়ে নিজৰ ছাতিৰ তলত পথ কুকুৰক আশ্রয় দিছে৷ ছবিখন এই সময়ত ভাইৰেল হৈ পৰে৷ পিছত জানিবলৈ পোৱা যায় যে এই ব্যক্তিগৰাকী টাটা গোষ্ঠীৰ এজন কর্মচাৰী৷ শেহতীয়াকৈ ৰতন টাটাৰ আবেদনৰ প্রতি সঁহাৰি জনাইছে বিভিন্নজনে৷ কেনেদৰে কুকুৰৰ তেজ সংগ্রহ কৰি অসুস্থ কুকুৰটোক প্রদান কৰা হ’ব, তাক লৈ বিভিন্নজনে নিজৰ মতামতো সদৰী কৰিছে৷ কিন্তু কুকুৰটোক লৈ দেশৰ অন্যতম উদ্যোগপতিগৰাকীৰ এই অনুকম্পাহে এতিয়া সকলোৰে বাবে আলোচনাৰ বিষয় হৈ পৰিছে৷ ইয়াতেই বিভিন্নজনে ৰতন টাটাৰ পশুপ্রেমক শলাগিছে৷

You might also like