ইছলামাবাদত বাজিল ছাইৰেন
🔹 পাকত যুদ্ধৰ আশংকা : শ্বেয়াৰ বজাৰত অভাৱনীয় পতন
নিউজ ডেস্ক, ৯ মে’ : ‘অপাৰেচন সিন্দূৰ’ৰ পিছত পাকিস্তানজুৰি যুদ্ধসদৃশ পৰিস্থিতি৷ দেশখনৰ ৰাজধানী ইছলামাবাদত ছাইৰেন বজোৱা ভিডিঅ’ বিয়পি পৰিছে ছ’চিয়েল মিডিয়াত৷ ইছলামাবাদৰ জিলা প্রশাসকে এই সন্দর্ভত এক্সৰ পোষ্ট এটাৰ জৰিয়তে নাগৰিকসকলক সচেতন হৈ থকাৰ আহ্বান জনাইছে৷ লক্ষণীয়ভাৱে জিলা প্রশাসকগৰাকীয়ে ভাৰত–পাকিস্তানৰ মাজত যিকোনো মুহূর্ততে যুদ্ধ আৰম্ভ হ’ব পাৰে বুলি উল্লেখ কৰাও দেখিবলৈ পোৱা গৈছে৷ ইতিমধ্যে যুদ্ধৰ আশংকাত ভুগিছে ইছলামাবাদৰ বাসিন্দা৷ লক্ষণীয়ভাৱে পূর্ণাংগ পর্যায়ৰ যুদ্ধৰ পূর্বে পাক অর্থনীতিলৈ নামি আহিছে সংকট৷ দেশখনৰ শ্বেয়াৰ বজাৰত ইতিমধ্যে অভাৱনীয় পতন দেখিবলৈ পোৱা গৈছে৷ লক্ষণীয় যে এনে শংকাৰ পৰিস্থিতিৰ মাজতে দেশখনৰ ৩টা প্রধান বিমানবন্দৰ বন্ধ ৰখা হৈছে৷ সংবাদ সংস্থাৰ প্রতিবেদন অনুসৰি, কালি পাকিস্তানৰ বহু ৰে’লৰ সেৱাও বাতিল কৰা হৈছে৷ ভাৰতৰ সৈতে যিকোনো মুহূর্ততে ভয়াৱহ যুদ্ধ আৰম্ভ হ’ব পাৰে বুলি সতর্কবাণী কৰা হৈছে চৰকাৰী বিভিন্ন সংস্থাৰ পৰা৷ স্মর্তব্য যে ‘অপাৰেচন সিন্দূৰ’ৰ পিছতো ভাৰতৰ ১৫টা সেনা ছাউনীত ক্ষেপণাস্ত্রৰে আক্রমণ চলাইছিল পাকিস্তানে৷ কিন্তু ভাৰতে এই আটাইবোৰ ক্ষেপণাস্ত্র ধ্বংস কৰিছে৷ অকল সেয়াই নহয়, পাকিস্তানৰ লাহোৰত থকা ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা ভাৰতে ধ্বংস কৰি দিয়ে৷ ইয়াৰ মাজতে পাকিস্তানৰ অভ্যন্তৰত এতিয়া কেৱল দেখিবলৈ পোৱা গৈছে যুদ্ধৰ তৎপৰতা৷ ইফালে, স্থানীয় জনসাধাৰণৰ মাজত যুদ্ধৰ আশংকা স্পষ্ট হৈ পৰিছে৷ লক্ষণীয় যে পৰহি দেশখনৰ বিভিন্ন স্থানত ড্রোন আক্রমণৰ পিছতে পৰিস্থিতি অধিক জটিল হৈ পৰিছে৷