নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়ঠেঙীয়া কুকুৰৰ অস্ত্রোপচাৰ : বিশ্বজুৰি বৰঙণি সংগ্রহ ১৫ লাখ টকা

বিশেষ বাৰ্তা, ২১ জানুৱাৰী : লণ্ডনৰ কাৰ পার্কিঙত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱা ছয়ঠেঙীয়া কুকুৰৰ অস্ত্রোপচাৰ কৰিবলৈ প্রাণীপ্রেমীয়ে অভিনৱ পদক্ষেপ চলাইছে৷ কুকুৰটোৰ ঠেং অস্ত্রোপচাৰেৰে আঁতৰ কৰাৰ বাবে প্রয়োজনীয় ধন সংগ্রহৰ অভিযান চলাই গ্রীন একর্ছ ৰেছকিউ নামৰ সংস্থাটোৱে বিশ্বজুৰি ১৫ লাখ টকা দান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ ১১ সপ্তাহ বয়সীয়া এৰিয়েল নামৰ এই ছয়ঠেঙীয়া কুকুৰটোক কোনো লোকে কাৰ পার্কিঙত এৰি থৈ গৈছিল৷ পৰিত্যক্ত অৱস্থাত গৰাকীবিহীন কুকুৰটোক এজন পশুপ্রেমীয়ে উদ্ধাৰ কৰি পিছলৈ এই কুকুৰটোৰ ঠেং অস্ত্রোপচাৰৰ জৰিয়তে আঁতৰ কৰাৰ পদক্ষেপ লয়৷ সেইমর্মে লোকজনে বিশ্বৰ বিভিন্ন ব্যক্তিৰ পৰা অনলাইনযোগে দান–বৰঙণি গ্রহণ প্রক্রিয়া আৰম্ভ কৰে৷

You might also like