নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানৱ জীৱনত যৌনসুখ ঈশ্বৰৰ উপহাৰ

🔹 ভেটিকান চিটীত পোপ ফ্রান্সিছৰ মন্তব্য

বিশেষ বাৰ্তা, ২১ জানুৱাৰী : পোপ ফ্রান্সিছক উদাৰপন্থী দৃষ্টিভংগীৰ বুলি জনা যায়৷ ভেটিকানৰ পোপ হ’লেও অতি মুকলি মনৰ মানুহ ফ্রান্সিছ৷ উদাৰপন্থী বাবে বিশ্বজুৰি জনপ্রিয়ও ফ্রান্সিছ৷ এইবাৰ পোপ ফ্রান্সিছে উল্লেখ কৰিলে যে যৌনসুখ আচলতে ঈশ্বৰৰ উপহাৰ৷ কিন্তু ইয়াৰ সৈতে পোপ ফ্রান্সিছে এই কথাও ক’লে যে যৌনসুখ ধৈর্যৰে অনুশাসনত ৰাখিব লাগে৷ ভেটিকানত জনসাধাৰণৰ উদ্দেশ্যে অলপতে বক্তব্য ৰাখিছিল ফ্রান্সিছে৷ তেতিয়াই পোপ ফ্রান্সিছে এই কথা উল্লেখ কৰে৷ ইয়াৰ আগতেও ‘দ্য পোপ এনছার্ছ’ শীর্ষক এখন তথ্যচিত্রত পোপে উল্লেখ কৰিছিল যে মানৱ জীৱনত ঈশ্বৰৰ অপূর্ব দান হৈছে যৌনতা৷ এইবাৰ পুনৰ একেই কথা কোৱা শুনিবলৈ পোৱা গ’ল পোপৰ মুখত৷ কিন্তু পর্নোগ্রাফীৰ তীব্র বিৰোধ কৰিলে কেথলিক খ্রীষ্টানৰ মুৰব্বীগৰাকীয়ে৷ প্রেমক মানুহেই ৰক্ষা কৰিব লাগিব বুলিও উল্লেখ কৰে পোপে৷

You might also like