নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানী এপ আল্পাইন কোয়েষ্টেৰে পেহেলগামত সন্ত্ৰাসবাদীৰ পথ নিৰ্দেশনা

বিশেষ বাৰ্তা, নতুন দিল্লী, ২৬ এপ্ৰিলঃ পাকিস্তানী এপেৰে পাকিস্তানী এপ ভাৰতত নৰসংহাৰ সন্ত্ৰাসবাদীৰ। মঙলবাৰে সমগ্ৰ দেশ জোকাৰি যোৱা পেহেলগামৰ বৈছৰনত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছত কেবাটাও চাঞ্চল্যকৰ তথ্য লাহে লাগে পোহৰলৈ আহি আছে। সেনাবাহিনীৰ চোৰাংচোৱা সূত্ৰত প্ৰকাশ পোৱা মতে, বৈছৰনৰ নৰসংহাৰত জড়িত পাঁচ সন্ত্ৰাসবাদীয়ে আক্ৰমণথলীলৈ গৈ পোৱাৰ বাবে এটা বিশেষ এপ ব্যৱহাৰ কৰিছিল। পাকিস্তানৰ সেনাবাহিনীয়ে যোগান ধৰা পাকিস্তানী এপ ‘আল্পাইন কোয়েষ্ট’ নামৰ এই বিশেষ ট্ৰেকিং এপটোৰ বিশেষত্ব এয়াই যে এয়া সম্পূৰ্ণৰূপে অফলাইনত পথ দৰ্শাব পাৰে। সূত্ৰটোয়ে প্ৰকাশ কৰা মতে, কাশ্মীৰ উপত্যকাত থকা ত্ৰাল ঘন জংঘলেৰে সন্ত্ৰাসবাদীসকলে প্ৰায় ২০ কিলোমিটাৰৰ পথ খোজকাঢ়ি বৈছৰন পাইছিলগৈ। ত্ৰাল হৈছে পাইন গছেৰে ভৰা এক ঘন জংঘল। ইয়াৰ পূৰ্বেও কাশ্মীৰৰ সন্ত্ৰাসবাদীসকলে এই বিশেষ এপ ব্যৱহাৰ কৰিছিল। নিৰাপত্তা বাহিনীৰ চকুত ধূলি মাৰিবলৈ জংঘলৰ পথ বাছি লৈছিল সন্ত্ৰাসবাদীসকলে। পিছে ঘন অৰণ্যত হেৰাই যোৱাৰ পৰা হাত সাৰিবলৈ পাকিস্তানী এপ পাকিস্তানী এপ ‘আল্পাইন কোয়েষ্ট’য়ে দেুওৱা পথ সিঁহতে অনুসৰণ কৰে। তদুপৰি চোৰাংচোৱাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে সন্ত্ৰাসবাদীৰ দলটোক পাকিস্তানৰ সেনাও সহায় কৰা বুলি সূত্ৰটোয়ে জানিবলৈ দিছে। এইক্ষেত্ৰত সন্ত্ৰাসবাদীৰ দলটোক পাকিস্তানৰ সেনা বাহিনীয়ে পাক ভূখণ্ডত দীঘলীয়া প্ৰশিক্ষণো প্ৰদান কৰিছিল। উল্লেখ্য যে অহা জুলাই মাহৰ পৰা আৰম্ভ হব হিন্দুসকলৰ পবিত্ৰ অমৰনাথ যাত্ৰা। অমৰনাথ গৈ পোৱাৰ অন্যতম এটা পথ হল ভায়া পেহেলগাম। চাঞ্চল্যকৰ কথাটো হল অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে পৰ্যটক তথা পুণ্যাৰ্থীসকলৰ মাজত আতঙ্ক সৃষ্টি কৰাও আছিল লষ্কৰ সন্ত্ৰাসবাদী গোটৰ ছাঁ সংগঠন দ্যা ৰেজিষ্টেন্ট ফ্ৰন্টৰ। যাৰ বাবেই বৈছৰনত পৰ্যটকসকলৰ ওপৰত আক্ৰমণ চলোৱা হৈছিল বুলি সূত্ৰটোয়ে ধাৰণা ব্যক্ত কৰে। সংগঠনটোৰ ‘হিট স্কোয়াড’ আৰু ‘ফেলকন স্কোয়াড’ এনে ধৰনৰ আক্ৰমণৰ বাবে বিশেষকৈ প্ৰশিক্ষিত। নিৰ্দিষ্ট লক্ষ্যত আক্ৰমণ চলোৱাৰ পাছত ঘন জংঘল আৰু পাহাৰত লুকোৱাৰ বিশেষ প্ৰশিক্ষণো সন্ত্ৰাসবাদীসকলক প্ৰদান কৰা হয়। সম্ভৱত যাৰ বাবে আক্ৰমণৰ পাঁচ দিন পিছতো পাঁচ সন্ত্ৰাসবাদীৰ এজনো এতিয়ালৈকে নিৰাপত্তাবাহিনীৰ হাতত পৰা নাই। সেনাবাহিনীৰ ধাৰণা– বৈছৰনত আক্ৰমণ চলোৱা সন্ত্ৰাসবাদীসকল আছিল দ্যা ৰেজিষ্টেন্ট ফ্ৰন্টৰ ‘ফেলকন স্কোয়াড’ৰ সদস্য। মঙলবাৰে আক্ৰমণ চলাই সন্ত্ৰাসবাদীৰ দলটোয়ে বৈছৰন ভূমিক আবৰি ৰখা পাইনবনলৈ পলায়ন কৰিছিল বুলি প্ৰত্যক্ষদৰ্শীৰ ভাষ্যত প্ৰকাশ পাইছে। উল্লেখ্য যে ২২ এপ্ৰিলৰ আক্ৰমণৰ ঘটনাত ২৬ জন লোকৰ মৃত্যু ঘটিছিল। ইয়াৰ ভিতৰত এজন আছিল নেপালৰ নাগৰিক।

You might also like