নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অদ্ভুত চর্ত! ১৫ মিনিটত গণিব পৰা টকা ঘৰলৈ নিব পাৰিব কর্মচাৰীয়ে

🔹 চীনৰ কোম্পানীৰ ৭০ কোটি টকা বোনাছ

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : চীনৰ কোম্পানী এটাই অদ্ভুত চর্তৰে কর্মচাৰীক আগবঢ়োৱা বোনাছক লৈ বিশ্বজুৰি আলোড়নৰ সৃষ্টি হৈছে৷ চীনৰ ক্রেন নির্মাতা কোম্পানী এটাই বছৰৰ শেষত কর্মচাৰীলৈ আগবঢ়াইছে ৭০ কোটি টকা বোনাছ৷ এই ৭০ কোটি টকা বোনাছ হিচাপে কর্মচাৰীসকলে লাভ কৰিবলৈ হ’লে এটা নির্দিষ্ট চর্তৰ জৰিয়তে লাভ কৰিব বোনাছৰ টকা৷ চর্ত অনুসৰি ৭০ কোটি টকা টেবুলৰ ওপৰত জমা কৰি ৰখা হ’ব৷ কর্মচাৰীজনে ১৫ মিনিটৰ ভিতৰত এই টকাৰ পৰা যিমানখিনি গণিব পাৰিব সেইখিনিহে নিজৰ ঘৰলৈ লৈ যাব পাৰিব৷ যিমান গণিব সিমানেই ঘৰলৈ নিব পাৰিবা চর্তৰ আধাৰত কোম্পানীটোৰ কর্মচাৰীসকলে ১৫ মিনিটৰ ভিতৰত টকা গণি লৈ যাব পাৰিব৷ হেনান মাইনিং ক্রেন কোম্পানী লিমিটেড নামৰ কোম্পানীটোৰ এই অদ্ভুত চর্তসাপেক্ষ বোনাছক লৈ সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি হৈছে৷ চীনৰ সামাজিক মাধ্যম ডুইন আৰু ৱেবত এই তথ্য প্রকাশ পাইছে৷ বিশাল টেবুল এখনৰ ওপৰত চাৰিওফালে টকা ছটিয়াই দিয়া হৈছে আৰু কর্মচাৰীসকলে এই টকা নিজৰ কৰি ল’বলৈ হেতা–ওপৰা লগাইছে৷ কর্মচাৰীসকলে টেবুলৰ ওপৰত থকা টকা গণি গণি নিজৰ কৰি লৈছে৷ সামাজিক মাধ্যমত প্রচাৰিত ভিডিঅ’টোৰ তথ্য মতে, এজন কর্মচাৰীয়ে প্রায় ১২.০৭ লাখ টকা গণি নিজৰ ঘৰলৈ নিবলৈ সক্ষম হৈছে৷

You might also like