জানো আহক বাজেটত মুখ্য বিভাগবোৰে পালে কিমান টকাৰ ধন
নিয়মীয়া বাৰ্তা ডিজিটেল, ১ ফেব্ৰুৱাৰীঃ আজি লোকসভাত বাজেট দাখিল কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বাজেটত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডকো বিশেষ গুৰুত্ব দিয়া হৈছে। এইবাৰ প্ৰতিৰক্ষা বাজেট ৩৬,৯৫৯ কোটি টকা বৃদ্ধি কৰা হৈছে। কিন্তু এইবাৰ কৰ্তন কৰা হৈছে আই টি আৰু টেলিকম মন্ত্ৰালয়ৰ বাজেট। ২০২৪ চনত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বাজেট আছিল ৪,৫৪,৭৭৩ কোটি টকা। ইয়াক ৪,৯১,৭৩২ কোটিলৈ বৃদ্ধি কৰা হৈছে। আনহাতে ২০২৪ চনত গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ বাজেট আছিল ২,৬৫,৮০৮ টকা। ১,০০৯ কোটি টকা বৃদ্ধি কৰি ২,৬৬,৮১৭ টকা হৈছে। একে সময়তে ২০২৪ চনৰ তুলনাত গৃহ মন্ত্ৰালয়ৰ বাজেট ২,১৯,৬৪৩ কোটিৰ পৰা ২,৩৩,২১১ কোটিলৈ বৃদ্ধি কৰা হৈছে। এইবাৰ কৃষি মন্ত্ৰালয়ৰ বাজেট ১৯,৫৮৬ কোটি টকা বৃদ্ধি কৰি ১,৭১,৪৩৭ কোটি টকা হৈছে। শিক্ষা বাজেট ১,২৮,৬৫০ কোটিলৈ বৃদ্ধি কৰা হৈছে। ৰে’ল মন্ত্ৰালয়ৰ বাজেট ২.৫৫ লাখ কোটিলৈ বৃদ্ধি কৰা হৈছে। একে সময়তে গড়কাপ্টানী আৰু পৰিবহণ মন্ত্ৰালয়ৰ বাবে ২.৮৭ কোটি টকা আবণ্টন দিয়া হৈছে। ২০২৪ চনত স্বাস্থ্য মন্ত্ৰালয়ৰ বাজেট আছিল ৮৯,২৮৭ কোটি টকা। ২০২৫ চনত ৯৮,৩১১ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। আই টি টেলিকম মন্ত্ৰালয়ৰ বাজেটত ২১,০৪৪ কোটি টকা কৰ্তন কৰা হৈছে। ২০২৪ চনত মন্ত্ৰালয়ৰ বাজেট আছিল ১১৬৩৪২ কোটি, ইয়াক ৯৫২৯২ কোটিলৈ হ্ৰাস কৰা হৈছে।