নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্দুক লৈ স্কুলত ছাত্ৰ, গুলীচালনাত নিহত ৯জন, আক্ৰমণকাৰীৰ আ/ত্ম/হত্যা

বিদ্যালয়খনৰ এজন ছাত্ৰই বন্দুক লৈ আহিছিল আৰু তেওঁৰ সন্মুখত যিয়েই নহওক কিয়, নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ আৰম্ভ কৰিছিল

অষ্ট্ৰিয়াত বন্দুক লৈ স্কুলত ছাত্ৰ, গুলীচালনাত নিহত ৯জন, আক্ৰমণকাৰীৰ আ/ত্ম/হত্যা

নিউজ ডেস্ক, ১০ জুন : অষ্ট্ৰিয়াৰ দ্বিতীয় বৃহত্তম চহৰ গ্ৰাজৰ এখন বিদ্যালয়ত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। অষ্ট্ৰিয়া প্ৰেছ এজেন্সীৰ প্ৰতিবেদন অনুসৰি গ্ৰাজ চহৰৰ মেয়ৰে কয় যে এই গুলীচালনাত ৭জন ছাত্ৰকে ধৰি ৯জন লোকৰ মৃত্যু হৈছে।

তথ্য অনুসৰি বিদ্যালয়খনৰ এজন ছাত্ৰই বন্দুক লৈ আহিছিল আৰু তেওঁৰ সন্মুখত যিয়েই নহওক কিয়, নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত ৱাশ্বৰুমলৈ গৈ নিজক গুলীয়াই আত্মহত্যা কৰে ছাত্ৰজনে।

স্থানীয় আৰক্ষীয়ে সেই অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আৰু কৰ্তৃপক্ষৰ নিৰ্দেশনা মানি চলিবলৈ পৰামৰ্শ দিছে। আৰক্ষীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি বিদ্যালয়খন খালী কৰি সকলোকে নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু এতিয়া কোনো বিপদ নাই। অষ্ট্ৰিয়াৰ গ্ৰাজ চহৰৰ জনসংখ্যা প্ৰায় তিনি লাখ।

You might also like