নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গগনযান প্রপালছন ছিষ্টেমৰ সফল পৰীক্ষণ

🔹 ইছৰোৰ পৰৱর্তী মহাকাশ অভিযানৰ প্রস্তুতি

নিউজ ডেস্ক, ১০ জুলাই : গগনযান ছার্ভিচ মডুল প্রপালছন ছিষ্টেম (এছএমপিএছ)ৰ হ্রস্ব সময়ৰ দুটাকৈ হট পৰীক্ষণ সফলতাৰে সম্পন্ন কৰিলে ইছৰোৱে৷ মহেন্দ্রগিৰিৰ ইছৰো প্রপালছন কমপ্লেক্সত কালি এই হট পৰীক্ষণ সফলতাৰে সম্পন্ন হোৱাৰ লগে লগে বহুপ্রতীক্ষিত মানৱসহিত মহাকাশ অভিযানৰ ক্ষেত্রত এখোজ আগবাঢ়িলে৷

ভাৰতৰ প্রথম মানৱসহিত মহাকাশ অভিযান কার্যসূচীৰ প্রস্তুতিৰ অন্যতম এই এছএমপিএছ সফল পৰীক্ষণ৷ মহেন্দ্রগিৰিত চলোৱা এই পৰীক্ষণ দুটা ৩০ ছেকেণ্ড আৰু ১০০ ছেকেণ্ড সময় ধৰি চলে৷ ইছৰোৱে প্রকাশ কৰা মতে, এছএমপিএছৰ দুয়োটা পৰীক্ষাই সফল হৈছে৷ সকলো ইঞ্জিন ব্যৱস্থাই সঠিকভাৱে কাম কৰিছে৷ ধাৰণা কৰাৰ দৰেই ইঞ্জিন ব্যৱস্থা কার্যক্ষম হৈছে৷ ১০০ ছেকেণ্ডৰ হট পৰীক্ষণত ইছৰোৱে ৫টা লিকুইড এপ’গি মটৰ (এলএএম) ইঞ্জিনৰ কার্যক্ষমতা সঠিকভাৱে দেখুৱায় বুলিও কয়৷ কালি হ্রস্ব সময়ৰ পৰীক্ষণ সফল হোৱাৰ পিছত শীঘ্রেই পূর্ণাংগ সময়ৰ হট পৰীক্ষণ কৰিব বুলিও ইছৰোৱে প্রকাশ কৰিছে৷ কালিৰ এই সফলতাই ইছৰোক গগনযান অভিযানৰ জৰিয়তে মহাকাশলৈ মানৱ মহাকাশচাৰী প্রেৰণৰ ভাৰতৰ বহুপ্রতীক্ষিত অভিযানৰ দ্বাৰ মুকলি কৰিছে৷

You might also like