ছিৰিয়াৰ গির্জাত আত্মঘাতী বিস্ফোৰণ, নিহত ২০জন
ইৰানৰ পৰমাণু কেন্দ্রত আমেৰিকাই বোমা আৰু ক্ষেপণাস্ত্রৰে আঘাত হনাৰ লগে লগে তৃতীয় বিশ্বযুদ্ধৰ আশংকা ঘনীভূত হৈছে৷
ছিৰিয়াৰ গির্জাত আত্মঘাতী বিস্ফোৰণ, নিহত ২০জন
নিউজ ডেস্ক, ২৪ জুনঃ ৰণদুন্দুভি বাজি উঠিছে মধ্যপ্রাচ্যত৷ ইৰান–ইৰাকৰ মাজত চলি থকা সামৰিক সংঘাতত প্রত্যক্ষভাৱে জড়িত হৈ পৰিছে আমেৰিকা৷ ইৰানৰ পৰমাণু কেন্দ্রত আমেৰিকাই বোমা আৰু ক্ষেপণাস্ত্রৰে আঘাত হনাৰ লগে লগে তৃতীয় বিশ্বযুদ্ধৰ আশংকা ঘনীভূত হৈছে৷
ইয়াৰ মাজতে বৃদ্ধি পাইছে সন্ত্রাসৰ আস্ফালন৷ ইৰান–ইজৰাইলৰ যুদ্ধৰ মাজতে এইবাৰ সন্ত্রাসবাদৰ বলি হ’বলগীয়া হ’ল ছিৰিয়া৷ প্রার্থনা চলি থকা সময়তে যুদ্ধবিধ্বস্ত দেশখনৰ এটা গির্জাত আত্মঘাতী বিস্ফোৰণ সংঘটিত হয়৷ আত্মঘাতী সন্ত্রাসবাদী বিস্ফোৰণৰ ফলত গির্জাত নিহত হয় কমপক্ষেও ২০গৰাকী খ্রীষ্টান ধর্মাৱলম্বী লোক৷
এই ঘটনাত কুখ্যাত জেহাদী সংগঠন ইছলামিক ষ্টেট জড়িত থকা বুলি ছিৰিয়াৰ গৃহ মন্ত্রালয়ে সন্দেহ প্রকাশ কৰিছে৷ জানিব পৰা গৈছে যে খ্রীষ্টানসকলৰ পৱিত্র দিন দেওবাৰে ডামাস্কাছৰ ডোয়ালা অঞ্চলত থকা ছেইণ্ট ইলিয়াছ গির্জাত প্রার্থনা কৰি আছিল বহু ভক্তই৷ সেই সময়তে গির্জাটোত প্রৱেশ কৰে এজন ব্যক্তিয়ে৷
গির্জাত প্রৱেশ কৰিয়েই এই অচিনাক্ত ব্যক্তিজনে নির্বিচাৰ গুলীচালনা কৰে৷ ইয়াৰ পিছত শৰীৰত লৈ থকা বিস্ফোৰকভর্তি বেল্টৰ বিস্ফোৰণ ঘটায় ব্যক্তিজনে৷ এই আত্মঘাতী আক্রমণত ঘটনাস্থলীতে নিহত হয় ২০গৰাকী লোক৷ ইফালে এই ঘটনাত আহত হৈছে অর্ধশতাধিক ভক্ত৷ হাস্পতালৰ সূত্রই সদৰী কৰা অনুসৰি বিস্ফোৰণত আহত ৫২গৰাকী লোকক চিকিৎসা প্রদান কৰি থকা হৈছে৷
আহত লোকসকলৰ কেইবাজনৰো অৱস্থা অতি সংকটজনক৷ লক্ষণীয় বিষয়টো হৈছে এই বিস্ফোৰণৰ দায়িত্ব কোনেও স্বীকাৰ কৰা নাই৷ কিন্তু ছিৰিয়াৰ গৃহ মন্ত্রালয়ে সন্দেহ কৰা অনুসৰি মধ্যপ্রাচ্যৰ কুখ্যাত জেহাদী সংগঠন ইছলামিক ষ্টেট এই আক্রমণত জড়িত হৈ আছে৷ এই আক্রমণৰ ঘটনাক গৰিহণা দিছে ছিৰিয়া চৰকাৰে৷