নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তর্জাতিক মহাকাশ আস্থানত উপস্থিত হৈয়ে নৃত্য সুনীতাৰ

🔹 তৃতীয়বাৰলৈ মহাকাশ অভিযানত অংশগ্রহণ ভাৰতীয় মূলৰ নভোচৰৰ

বিশেষ বাৰ্তা, ৮ জুন : বিভিন্ন সমস্যা তথা যান্ত্রিক বিজুতি সত্ত্বেও পৰহি আন্তর্জাতিক মহাকাশ আস্থান (আইএছএছ)ত সফলতাৰে উপস্থিত হয় ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বাট্চ উইলমোৰ৷ আন্তর্জাতিক মহাকাশ আস্থানত উপস্থিত হোৱাৰ লগে লগে আনন্দত নাচি দিয়ে ৫৯ বছৰীয়া সুনীতা উইলিয়ামছে৷ উল্লেখনীয় যে সুনীতা উইলিয়ামছৰ এয়া তৃতীয়টো মহাকাশ যাত্রা৷ উল্লেখনীয় যে এই অভিযানত মহাকাশযানখনৰ পাইলট আছিল সুনীতা উইলিয়ামছ৷ প্রথমবাৰলৈ কোনো মহিলা পাইলটে এনেদৰে মহাকাশ অভিযানত অংশগ্রহণ কৰে৷ উল্লেখনীয় যে আইএছএছলৈ গণেশৰ মূর্তি আৰু ভাগৱত গীতা লগত লৈ গৈছে সুনীতা উইলিয়ামছে৷ আইএছএছত উপস্থিত হোৱাৰ পাছতে আনন্দত নৃত্য কৰা সুনীতা উইলিয়ামছে ইয়াৰ পূর্বতে গৈ তাত বাহৰ পাতি থকা অন্য ৬গৰাকী মহাকাশচাৰীক আলিংগন কৰে৷ উল্লেখনীয় যে উৎক্ষেপণৰ পাছতে মহাকাশযানখনৰ ত্রুটি নজৰলৈ আহিছিল উইলিয়ামছৰ৷ কিন্তু তাৎক্ষণিকভাৱে সেয়া মেৰামতি কৰে উইলমোৰ আৰু উইলিয়ামছে৷ ৫ জুনত ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা যাত্রা আৰম্ভ কৰে বাট্চ উইলমোৰ আৰু সুনীতা উইলিয়ামছে৷ আটলাছ ভি ৰকেটৰ জৰিয়তে বোয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানখন উৎক্ষেপণৰ পাছতে ইয়াৰ পৰা হিলিয়াম গেছ নির্গত হয়৷ পৃথিৱীৰ কক্ষপথত উপস্থিত হোৱাৰ লগে লগে এই হিলিয়াম গেছৰ নির্গমন বন্ধ কৰে উইলিয়ামছ আৰু তেওঁৰ সহযোগী মহাকাশচাৰী উইলমোৰে৷ লক্ষণীয়ভাৱে সঠিক সময়ত আইএছএছত উপস্থিত হৈছে উইলিয়ামছ আৰু উইলমোৰৰ যানখনে৷ মার্কিন মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ তৰফৰ পৰা এই অভিযান চলোৱা হৈছে৷

You might also like