নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তর্জাতিক মহাকাশ কেন্দ্রত সুনীতা উইলিয়ামছৰ দুমাহ অতিক্রম

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ আগষ্টঃ আন্তর্জাতিক মহাকাশ কেন্দ্র (আইএছএছ)ত আবদ্ধ হৈ আছে ভাৰতীয় বংশোদ্ভৱ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহকাৰী উইলমোৰ৷ দুমাহৰ বেছি সময় ধৰি মহাকাশ কেন্দ্রত আবদ্ধ হৈ আছে দুয়োগৰাকী মহাকাশচাৰী৷ যান্ত্রিক বিজুতিৰ বাবে উইলিয়ামছ আৰু উইলমোৰে মহাকাশযানখনেৰে পৃথিৱীলৈ উভতিব পৰা নাই৷ যিখন বোয়িং ষ্টাৰলাইনাৰেৰে মহাকাশলৈ গৈছিল সুনীতা আৰু উইলমোৰে, সেই যানখনত যান্ত্রিক ত্রুটি ধৰা পৰিছে৷ নাছাৰ তৰফৰ পৰা দুয়োগৰাকী মহাকাশচাৰীক নিৰাপদে পৃথিৱীলৈ ওভতাই অনাৰ চেষ্টা চলাই থকা হৈছে৷ কিন্তু সময় যিমানেই আগবাঢ়িছে, সিমানেই বৃদ্ধি পাইছে আশংকা৷ যোৱা ৫ জুনত বোয়িং ষ্টাৰলাইনেৰেৰে সুনীতা আৰু উইলমোৰে আন্তর্জাতিক মহাকাশ কেন্দ্রলৈ গৈছিল৷ আইএছএছত মাত্র ৯ দিন থকাৰ কথা আছিল দুয়োগৰাকী মহাকাশচাৰীয়ে৷ কিন্তু মহাকাশযানখনত ত্রুটি ধৰা পৰে উভতি আহিবলগীয়া দিনটোত৷ নাছাৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি সেই মহাকাশযানখনৰ পৰা হিলিয়াম গেছ নির্গত হৈছে৷ গতিকে যানখনক পৃথিৱীলৈ ওভতাই অনাটো সম্ভৱ হোৱা নাই৷ ইতিমধ্যে দুবাৰ চেষ্টা কৰা হৈছিল যদিও দুয়োবাৰেই সেই চেষ্টা ব্যর্থ হৈছে৷ শেহতীয়াকৈ মহাকাশযান প্রস্তুতকাৰক সংস্থাই সদৰী কৰিছে যে তেওঁলোকে বোয়িং ষ্টাৰলাইনাৰৰ পৰিচালনা ব্যৱস্থাৰ বিভিন্ন পৰীক্ষা–নিৰীক্ষা কৰি চাইছে৷ পৰীক্ষাৰ ফল ইতিবাচক৷ গতিকে দুয়োগৰাকী মহাকাশচাৰীক নিৰাপদে পৃথিৱীলৈ ওভতাই আনিব পৰা যাব বুলি আশা প্রকাশ কৰিছে সংস্থাটোৱে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ তৰফৰ পৰাও বোয়িঙৰ ওপৰতেই ভৰসা কৰা হৈছে৷

You might also like