ছুপাৰ আর্থ, আছে মহাসমুদ্র পৃথিৱীসদৃশ গ্রহ আৱিষ্কাৰ জ্যোতির্বিজ্ঞানীৰ
নিয়মীয়া বার্তা, ২৬ আগষ্টঃ বিশ্বব্রহ্মাণ্ডত পৃথিৱীৰ বাহিৰে আন গ্রহত প্রাণী আছে নে নাই তাক লৈ জ্যোতির্বিজ্ঞানীসকলে সন্ধান চলাই আছে৷ মহাশূন্যৰ দিশলৈ প্রতিমুহূর্ততে পর্যবেক্ষণমুখী শক্তিশালী দূৰবীণ যন্ত্রসমূহৰ সন্মুখতো যেন একেটাই প্রশ্ণ৷ বিজ্ঞানীসকলৰ মাজত ন ন আৱিষ্কাৰক লৈ কৌতূহলৰ অন্ত নাই৷ জ্যোতির্বিজ্ঞানীসকলৰ্ বাবেই যেন আহি পৰিছে কাংক্ষিত সাফল্য৷ মহাকাশত পৃথিৱীৰ দৰে অবিকল এটা গ্রহ আৱিষ্কাৰ কৰিছে জ্যোতির্বিজ্ঞানীসকলে৷ কানাডাৰ মনট্রিল বিশ্ববিদ্যালয়ৰ নেতৃত্বাধীন আন্তর্জাতিক এক গৱেষকৰ দলে এই বিশেষ গ্রহটোৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে৷ মহাকাশ বিজ্ঞানীসকলে এই গ্রহৰ নাম ৰাখিছে টি’আই–১৪৫২বি বা ‘ছুপাৰ আর্থ’৷
আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাৰ বিজ্ঞানীসকলে এক বিবৃতিত উল্লেখ কৰা অনুসৰি আমাৰ সৌৰজগতৰ কেইবাটাও উপগ্রহৰ সৈতে এই ছুপাৰ আর্থৰ সাদৃশ্য আছে৷ বৃহস্পতিৰ উপগ্রহ গেনিমিড, কেলিষ্ট’ আৰু শনিৰ উপগ্রহ টাইটান, এনচিলাডাছৰ দৰে এই নতুন গ্রহটোৰ অভ্যন্তৰত আছে মহাসমুদ্রসদৃশ জলৰাশি৷ অৱশ্যে সেই জলৰাশি আছে বৰফীয় তৰপৰ তলত৷ সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি সেই নতুন গ্রহটো পৃথিৱীতকৈ আয়তনত যথেষ্ট ডাঙৰ৷ পৃথিৱীতকৈ আয়তনত ৭০ শতাংশ ডাঙৰ নতুনকৈ আৱিষ্কাৰ হোৱা এই গ্রহটো৷ লক্ষণীয়ভাৱে এই গ্রহটোৱে একেলগে দুটাকৈ নক্ষত্রক প্রদক্ষিণ কৰি আছে৷ দুটাকৈ নক্ষত্রক চাৰিওদিশৰ পৰা প্রদক্ষিণ কৰা এই গ্রহটো পৃথিৱীৰ পৰা ১০০ আলোকবর্ষ দূৰত আছে৷ সমগ্র গ্রহটোত আছে ৩০ শতাংশ পানী৷