উচ্চতম ন্যায়ালয়ত দুজন নতুন ন্যায়াধীশৰ শপতগ্ৰহণ
বিশেষ বাৰ্তা, ১৯ মেঃ উচ্চতম ন্যায়ালয়ত আৰু দুজন ন্যায়াধীশে আজি শপত গ্ৰহণ কৰে। অন্ধ্ৰ প্ৰদেশৰ মুখ্য ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু জ্যেষ্ঠ অধিবক্তা কল্পনা ভেংকটাৰমন বিশ্বনাথন (কেভি বিশ্বনাথন)এ শপত গ্ৰহণ কৰে। ন্যায়াধীশ মিশ্ৰ মূলতঃ ছত্তিশগড় উচ্চ ন্যায়ালয়ৰ। তাৰ পৰাই উচ্চতম ন্যায়ালয়লৈ অহা প্ৰথমজন ন্যায়াধীশ। একে সময়তে ন্যায়াধীশৰ জ্যেষ্ঠতা তালিকা অনুসৰি ২০৩০ চনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব কেভি বিশ্বনাথন। উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে কেন্দ্ৰীয় চৰকাৰক প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু কেভি বিশ্বনাথনক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ পৰামৰ্শ দিছিল। বাৰৰ পৰা পোনপটীয়াকৈ পদোন্নতি লাভ কৰি কেভি বিশ্বনাথক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁক পৰামৰ্শ দিওঁতে কলেজিয়ামে লিখিছিল যে কে ভি বিশ্বনাথন বাৰ এছ’চিয়েশ্যনৰ এজন সন্মানীয় সদস্য আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পোৱাৰ বাবে উপযুক্ত ব্যক্তি। তেওঁৰ নিযুক্তিয়ে উচ্চতম ন্যায়ালয়ত বাৰৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰিব। কেন্দ্ৰীয় চৰকাৰে কলেজিয়ামৰ পৰামৰ্শ দি ফাইলটো ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰে, য’ত ৰাষ্ট্ৰপতিয়ে দুয়োৰে নাম স্বাক্ষৰ কৰি ষ্টাম্প লগাই দিয়ে। আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে দুয়োজনকে শপত গ্ৰহণ কৰায়। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ পৰা দুজন ন্যায়াধীশে অৱসৰ গ্ৰহণ কৰিছিল, যাৰ বাবে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা ৩৪ৰ পৰা ৩২লৈ হ্ৰাস পাইছিল। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে কেন্দ্ৰটোত দুজন ন্যায়াধীশ নিযুক্তিৰ বাবে পৰামৰ্শ প্ৰেৰণ কৰে, যিটো পৰামৰ্শ গ্ৰহণ কৰা হয়। এই মুহূৰ্তত আৰু চাৰিজন ন্যায়াধীশে উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ ল’বলৈ ওলাইছে। ইয়াৰ পিছত পুনৰ ন্যায়াধীশ নিযুক্তি দিয়াৰ প্ৰয়োজন হ’ব। কেভি বিশ্বনাথনে সেই অধিবক্তাসকলৰ বিশেষ তালিকাত যোগদান কৰিছে, যিসকলে বাৰৰ পৰা পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱাৰ পিছত দেশৰ মুখ্য ন্যায়াধীশ হ’ব। এই পৰ্যন্ত এনেদৰে মাত্ৰ দুজন মুখ্য ন্যায়াধীশকহে বনোৱা হৈছে। বাৰৰ পৰা পোনপটীয়াকৈ পদোন্নতি দি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা ন্যায়াধীশ এছ এম ছিক্ৰী আছিল দেশৰ প্ৰথমজন চি জে আই। এই তালিকাত দ্বিতীয় স্থানত আছে ন্যায়াধীশ ইউ ইউ ললিত। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পি এছ নৰসিংহ হ’ব তৃতীয়জন চিজেআই যিয়ে বাৰৰ পৰা পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত অন্তৰ্ভুক্ত হ’ব।