টি–৭২ টেংক উন্নীতকৰণৰ ২৪৮ নিযুত মার্কিন ডলাৰৰ চুক্তি
🔹 মেক ইন ইণ্ডিয়া উজ্জীৱিত কৰিবলৈ ৰাছিয়াৰ সৈতে ভাৰতৰ চুক্তি
নিউজ ডেস্ক, ৯ মার্চ : দেশৰ প্রতিৰক্ষা আৰু আত্মনির্ভৰশীলতা বৃদ্ধিৰে টি–৭২ টেংক উন্নীতকৰণৰ বাবে ৰাছিয়াৰ সৈতে ২৪৮ নিযুত মার্কিন ডলাৰৰ চুক্তি কৰিছে ভাৰতে৷ এই চুক্তিত মেক ইন ইণ্ডিয়া উজ্জীৱিত কৰিবলৈ ৰাছিয়াই ভাৰতলৈ প্রযুক্তি হস্তান্তৰো কৰিব৷ প্রতিৰক্ষা আৰু অঞ্চলৰ প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ লগতে আত্মনির্ভৰশীলতা বৃদ্ধিৰ লক্ষ্যৰেই এই চুক্তি সম্পন্ন কৰা হৈছে৷ চুক্তি অনুসৰি টি–৭২ টেংকক ৭৮০ এইচপিৰ পৰা ১,০০০ এইচপিলৈ উন্নীত কৰা হ’ব৷ ৰাছিয়ান প্রতিৰক্ষা নির্মাতাৰ পৰা প্রযুক্তি হস্তান্তৰণ কৰা হ’ব চেন্নাইস্থিত আর্মড ভেৰিকুল নিগম লিমিটেডলৈ৷ ইয়াৰ জৰিয়তে ভাৰতৰ মেক ইন ইণ্ডিয়া উজ্জীৱিত হ’ব৷ মন কৰিবলগীয়া যে ভাৰতীয় সেনাৰ হাতত বর্তমান থকা টি–৭২ টেংক হৈছে ৭৮০ এইচপি ইঞ্জিন৷ এই ৭৮০ এইচপি ইঞ্জিনক ১,০০০ এইচপি ইঞ্জিনলৈ উন্নীত কৰা হ’ব৷ যুদ্ধক্ষেত্রত অধিক সক্রিয় আৰু শত্রুক প্রতিৰোধৰ বাবে উন্নীত কৰিবলগীয়া এই টেংক অধিক ফলপ্রসূ হ’ব৷ ৰাছিয়াৰ সৈতে কৰা এই চুক্তিয়েই ভাৰতীয় সেনা বাহিনীক অধিক শক্তিশালী কৰি তুলিব৷ মন কৰিবলগীয়া যে ভাৰতে প্রতিৰক্ষা খণ্ডত আত্মনির্ভৰশীলতা গঢ়ি তোলাৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ সৈতে প্রতিৰক্ষা চুক্তিৰ লগতে সমন্বয়ত গুৰুত্ব আৰোপ কৰি আহিছে৷ ৰাছিয়াৰ সৈতে সম্পন্ন কৰা এই চুক্তিও নতুন দিল্লীৰ এই পৰিকল্পনাৰে এক অংশ৷