নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালিবানৰ নতুন ফতোৱা : কিশোৰীৰ বাবে বন্ধ বিদ্যালয়ৰ দুৱাৰ

🔹 তৃতীয় শ্রেণীতেই ছাত্রীৰ শিক্ষা জীৱনৰ ইতি আফগানিস্তানত
বিশেষ বাৰ্তা, ৭ আগষ্ট : তৰুণী–যুৱতীসকলৰ কলেজত অধ্যয়নৰ সুযোগ পূর্বেই বন্ধ তালিবানশাসিত আফগানিস্তানত ৷ তালিবানী শাসনত দেশখনৰ মহিলাৰ চাকৰিও সপোন হৈ পৰিছে৷ এইবাৰ নাৰী শিক্ষাক লৈ জাৰি হ’ল নতুন ফতোৱা৷ তৃতীয় শ্রেণীত উঠিলেই কিশোৰীসকলৰ বাবে বন্ধ কৰি দিয়া হ’ব স্কুলৰ দুৱাৰ ৷ একাধিক আন্তর্জাতিক প্রতিবেদনত প্রকাশ পোৱা অনুসৰি ইতিমধ্যে আফগানিস্তানৰ বিভিন্ন প্রদেশত এই নিয়ম বলৱৎ হৈছে৷ নাম প্রকাশত অনিচ্ছুক কেইবাগৰাকীও আফগান চৰকাৰী বিষয়াই সংবাদ মাধ্যমক জনাইছে যে ১০ বছৰতকৈ অধিক বয়সৰ কিশোৰীসকলক বিদ্যালয়লৈ নপঠিয়াবলৈ ঘৰে ঘৰে বার্তা প্রেৰণ কৰিছে তালিবানে৷ তালিবানশাসিত শিক্ষা মন্ত্রণালয়ে আফগানিস্তানৰ স্কুলসমূহলৈ নির্দেশনা প্রেৰণ কৰিছে যে ১০ বছৰৰ অধিক বয়সৰ কিশোৰীক বিদ্যালয়ত অধ্যয়নৰ সুযোগ দিব নালাগে৷ যোৱা বছৰ ষষ্ঠ শ্রেণীলৈকে ছাত্রীসকলক বিদ্যালয়লৈ যোৱাৰ অনুমতি দিছিল তালিবান প্রশাসনে৷ এইবাৰ তৃতীয় শ্রেণী উত্তীর্ণ হ’লেই ছাত্রীসকলৰ শিক্ষা জীৱনৰ ইতি মাৰিবলৈ কঠোৰ নির্দেশ দিয়া হৈছে৷ উল্লেখনীয় যে যোৱা বছৰ ডিচেম্বৰ মাহত তৰুণীসকলৰ বাবে কলেজৰ দুৱাৰ বন্ধ কৰি দিছিল তালিবানে৷

You might also like