নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাবালিকা ছাত্রীৰে স্কুলতে শিক্ষকৰ যৌন সর্ম্পক স্থাপন

নিউজ ডেস্ক, ১১ মাৰ্চঃ নাবালিকা ছাত্রীক বিভিন্ন প্রলোভন দি বিদ্যালয়ৰ ভিতৰতে যৌন সম্পর্ক স্থাপনৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে৷ দিনৰ পিছত দিন ধৰি স্কুলৰ শৌচালয় নাইবা খালী কোঠাত যৌন আতিশয্য চলাইছিল শিক্ষকজনে৷ আনকি অভিযুক্ত শিক্ষকজনৰ এপার্টমেণ্টলৈ নিও ছাত্রীজনীৰ লগত স্থাপন কৰা হৈছিল যৌন সম্পর্ক৷ ১৭ বছৰীয়া ছাত্রীজনীৰ অভিযোগৰ ভিত্তিত ১৩ বছৰ পিছত গ্রেপ্তাৰ কৰা হ’ল অভিযুক্ত শিক্ষকক৷ সংবাদ মাধ্যমৰ সূত্রই সদৰী কৰা অনুসৰি, এই ঘটনা ইংলেণ্ডৰ মানচেষ্টাৰ হাইস্কুলৰ৷ স্কুলখনৰ ছ’চিয়েল ষ্টাডিজৰ শিক্ষক আছিল ৪৫ বছৰ বয়সীয়া ৰয়ান টি ৰামছে৷ আৰক্ষীয়ে দাবী কৰা অনুসৰি, ২০১২ চনৰ ১৫ ফেব্রুৱাৰীৰ পৰা ৩০ জুনলৈকে ১৭ বছৰীয়া ছাত্রীজনী শিক্ষক ৰামছেৰ যৌন লালসাৰ বলি হ’বলগীয়া হৈছিল৷ যোৱা ৭ ফেব্রুৱাৰীত আৰক্ষীৰ ওচৰত এই ঘটনাৰ সবিশেষ তথ্য প্রকাশ কৰে নির্যাতিতা ছাত্রীজনীয়ে৷ ছাত্রীজনীৰ অভিযোগৰ ভিত্তিত শিক্ষক ৰামছেক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ আনকি এই ছাত্রীজনীৰ সহপাঠী কেইবাগৰাকীৰো বক্তব্য ৰেকর্ড কৰি আৰক্ষীয়ে ঘটনাৰ সত্যতা সন্দর্ভত জানিবলৈ সক্ষম হয়৷ অভিযোগ অনুসৰি, বিদ্যালয়ত থকা সময়তে ছাত্রীজনীক বিভিন্ন ধৰণে প্রলোভিত কৰি শিক্ষক ৰামছেই যৌন আতিশয্য চলাইছিল৷ ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ দীর্ঘদিনলৈ নির্যাতিতা কিয় নীৰৱ হৈ আছিল বুলি বিভিন্ন মহলে প্রশ্ণ তুলিছে যদিও সেই সময়ত ছাত্রীজনীৰ বয়সৰ দিশটোলৈ নজৰ দিছে আৰক্ষীয়ে৷ ছাত্রীজনীয়ে সেই সময়ত আৰক্ষীক অভিযোগ দিবলৈ সাহস গোটাব পৰা নাছিল বুলি দাবী কৰা হৈছে৷ মানচেষ্টাৰ হাইস্কুলৰ এই ঘটনাই এতিয়া বিশ্বজুৰি সৃষ্টি কৰিছে আলোড়ন৷

You might also like