নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিফেণ্ডিং চেম্পিয়নক হৰুৱাই পুনৰ শীর্ষত টীম ইণ্ডিয়া

🔹 ভাৰতীয় বলাৰৰ জ্যামিতিক সমীকৰণত দিশহাৰা ইংৰাজ বাহিনী

বিশেষ বাৰ্তা, ৩০ অক্টোবৰ : চলিত বিশ্বকাপত অপ্রতিৰোধ্য হৈ পৰিছে টীম ইণ্ডিয়া৷ প্রতিযোগিতাখনত এইপর্যন্ত খেলা ৬খন মেচৰ আটাইকেইখনতে জয়লাভ কৰিছে ৰোহিত বাহিনীয়ে৷ লক্ষ্ণৌত ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাজিত হয় ইংলেণ্ড৷ ক্রমাগত বিজেয়েৰে ১২ পইণ্ট অর্জন কৰি পুনৰ পইণ্ট তালিকাত শীর্ষস্থান দখল কৰে ভাৰতে৷ যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডৰ দর্পচূর্ণ কৰি কালি অনুষ্ঠিত মেচখনত ১০০ ৰানত বিজয় সাব্যস্ত কৰে ভাৰতীয় দলটোৱে৷ প্রথমে বেটিং কৰি নির্ধাৰিত অভাৰত ৯ উইকেট হেৰুৱাই ২২৯ ৰান কৰে ভাৰতে৷ প্রত্যুত্তৰত ৩৪.৫ অভাৰতে ১২৯ ৰান কৰি ইনিংছ সামৰে ইংলেণ্ডে৷ বেট হাতত লৈ ৰোহিত শর্মা আৰু সূর্য কুমাৰ যাদৱে দলক সন্মানজনক স্থিতিত উপনীত কৰোৱাৰ পাছত বল হাতত লৈ বিধ্বংসী ৰূপ লয় যশপ্রীত বুমৰাহ আৰু মহম্মদ ছামিয়ে৷ ইয়াৰ বিপৰীতে পুনৰবাৰ দৃষ্টিকটু প্রদর্শন কৰে বিগত চেম্পিয়ন ইংলেণ্ডে৷ ৬খন মেচৰ ৫খনতে পৰাজিত হয় দলটো৷ এতিয়া পইণ্ট তালিকাৰ একেবাৰে তলত আছে ব্রিটিছ বাহিনী৷ প্রথম চাৰিখন মেচত খেলপথাৰৰ বাহিৰত থকাৰ পাছত নিউজিলেণ্ডৰ বিৰুদ্ধে প্রত্যাৱর্তনতে ৫টা উইকেট দখল কৰিছিল ছামিয়ে৷ কালিও দুর্দান্ত বলিং কৰি পেচ বলাৰগৰাকীয়ে ৭ অভাৰত ২২ ৰান দি চাৰিটা উইকেটৰ পতন ঘটায়৷ চমকপ্রদ বলিঙেৰে দলক বিজয়ৰ দুৱাৰডলিত উপনীত কৰোৱা ছামিয়ে দুখন মেচত মুঠ ৯টা উইকেট দখল কৰে৷ তেওঁ অন্যতম শক্তিশালী নিউজিলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে এনে প্রদর্শন দাঙি ধৰে৷ মেচখনত টছত জয়লাভ কৰি ভাৰতক বেটিং কৰিবলৈ পঠিয়ায় যশ বাটলাৰে৷ ৰোহিত শর্মাৰ বাহিৰে ভাৰতৰ শীর্ষ ক্রমৰ বেটাৰসকল ব্যর্থ হয়৷ ৪০ ৰানতে তিনিটা উইকেট হেৰুৱাই শ’লঠেকত পৰে ভাৰত৷ কে এল ৰাহুলৰ সৈতে চতুর্থ উইকেটত ৯১ ৰান যোগ দিয়ে ৰোহিতে৷ অনবদ্য বেটিঙেৰে ৰোহিতে ১০১টা বলত ৮৭ ৰানৰ এটা অধিনায়কোচিত ইনিংছ উপহাৰ দিয়ে৷ তেওঁৰ ইনিংছটোত আছিল তিনিটা ৬ আৰু ১০টা চাৰি৷ আন্তর্জাতিক ক্রিকেটত ১৮ হাজাৰ ৰান পূর্ণ কৰে ভাৰতীয় তাৰকাগৰাকীয়ে৷ ৰাহুলে ৩৯ ৰান কৰি বিদায় লোৱাৰ পাছত ৰোহিতক সহযোগিতা আগবঢ়ায় সূর্য কুমাৰে৷ সূর্য কুমাৰৰ ৪৯ ৰানৰ ইনিংছটোৰ জৰিয়তে ভাৰতে ৫০ অভাৰত ২২৯ ৰান সংগ্রহ কৰে৷ প্রত্যুত্তৰত জঘন্য বেটিঙেৰে ইংলেণ্ডৰ বেটাৰসকলে মেচখনত ৫০ অভাৰ বেটিং কৰাত ব্যর্থ হয়৷ ৩৪.৫ অভাৰতে ইংলেণ্ডৰ ইনিংছৰ সমাপ্তি ঘটে৷ বুমৰাহ আৰু ছামিৰ অগ্ণি বলিঙত বিধ্বস্ত হৈ পৰে ব্রিটিছ বাহিনীৰ বেটিং লাইনআপ৷ দলটোৰ হৈ সর্বোচ্চ ৰান সংগ্রহ কৰে লিয়াম লিভিংষ্টনে৷ ৭ নম্বৰত বেটিং কৰিবলৈ নামি তেওঁ ২৭ ৰান কৰে৷ ১০ ৰানত আউট হয় যশ বাটলাৰ৷ ভাৰতীয় পেচ বলাৰসকলৰ জ্যামিতিক সমীকৰণত তাচপাতৰ দৰে খহি পৰে ইংলেণ্ডৰ ইনিংছ৷ ছামিয়ে দুর্দান্ত বলিঙেৰে চাৰিটা উইকেট আৰু বুমৰাহে দখল কৰে তিনিটা উইকেট৷ দুটা উইকেট পায় কুলদীপ যাদৱে৷ লক্ষ্ণৌৰ বলিং সহায়ক পিটচত ৮৭ ৰান কৰি শ্রেষ্ঠ খেলুৱৈৰ সন্মান অর্জন কৰে অধিনায়ক ৰোহিত শর্মাই৷

You might also like