ভাৰত–পাক সীমান্তত সুৰংগ খনন সন্ত্রাসবাদীৰ; জলপথেৰে ভাৰতীয় ভূমিত অনুপ্রৱেশৰ পৰীক্ষণ
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ ভাৰত–পাকিস্তানৰ সীমান্তত যুদ্ধবিৰতি চুক্তি বাধ্যতামূলকভাৱে মানি ল’ম বুলি দুই দেশৰ সেনাই অলপতে সহমতত উপনীত হ’লেও এল অ’ চিত সন্ত্রাসবাদীৰ শিবিৰ পাতি ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্র অব্যাহত ৰাখিছে৷ জম্মু–কাশ্মীৰৰ এল অ’ চিৰ সমীপতে পাকিস্তানী সন্ত্রাসবাদী সংগঠন জইচ–ই–মহম্মদে প্রশিক্ষণ শিবিৰ স্থাপন কৰিছে৷ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ নেতৃত্বত জইচ–ই–মহম্মদৰ শিবিৰত চলিছে নতুন কৌশলেৰে ভাৰত ভূমিত সন্ত্রাসবাদীৰ অনুপ্রদেশৰ প্রশিক্ষণ৷
তথ্য মতে এল অ’ চিৰ সমীপৰ মাৰালা প্রশিক্ষণ শিবিৰত দুই দেশৰ সীমান্তত সুৰংগ খান্দি ভাৰতত অনুপ্রৱেশৰ প্রশিক্ষণ চলাই থক হৈছে৷ ঠিক তেনেদৰে জলপথেৰেও অনুপ্রৱেশৰ প্রশিক্ষণ দি থকা হৈছে সন্ত্রাসবাদীক৷ এল অ’ চিৰ সমীপত অতি কমেও ৬টা শিবিৰ সক্রিয় হৈ আছে৷ দুর্ধর্ষ জইচ–ই–মহম্মদৰ এই শিবিৰকেইটা পীৰ পাঞ্জাল পর্বতমালাৰ দক্ষিণ প্রান্তত অৱস্থিত৷ চামানিত থকা শিবিৰটোত অল বদৰ সংগঠনৰ পৰা প্রশিক্ষণ দি থকা হৈছে৷ এই সন্ত্রাসবাদী সংগঠন অল বদৰ কাশ্মীৰত সক্রিয়৷ পাকিস্তানৰ পঞ্জাব প্রদেশৰ বার্ণালাত আন এটা অল বদৰৰ প্রশিক্ষণ শিবিৰ আছে৷ গুলপুৰত জইচ–ই–মহম্মদৰ প্রশিক্ষণ থকাৰ বিপৰীতে কাহুটাত সক্রিয় হৈ আছে লস্কৰ–ই–তৈবাৰ শিবিৰ৷
লক্ষণীয় যে চেনাম নদীৰ সমীপত মাৰালা অঞ্চলৰ সন্ত্রাসবাদী শিবিৰটো অত্যাধুনিক৷ এই শিবিৰটোত পানীৰ তলেৰে কিদৰে চলাচল কৰিব পাৰি, সেই সন্দর্ভত প্রশিক্ষণ দি থকা হৈছে৷ তেনেদৰে সুৰংগ খন্দাৰ প্রশিক্ষণো দিয়া হৈছে৷ ইয়াৰ সমান্তৰালকৈ সন্ত্রাসবাদীক অত্যাধুনিক অস্ত্র–শস্ত্রৰ প্রশিক্ষণ দিয়া হৈছে৷ প্রসংগক্রমে উনুকিয়াব লাগিব যে আন্তর্জাতিক সীমান্ত আৰু এল অ’ চিত ভাৰতীয় সেনাই পাকিস্তানী সন্ত্রাসবাদীৰ অনুপ্রৱেশ প্রায় স্তব্ধ কৰা বাবে সন্ত্রাসবাদীয়ে নতুন কৌশল অৱলম্বন কৰিবলগীয়া হৈছে৷ পূর্বতে অনুপ্রৱেশ কৰি অহা পথবোৰ বন্ধ হৈ পৰাত সন্ত্রাসবাদীয়ে শক্তিশালী অনুপ্রৱেশবিৰোধী ভাৰতীয় সেনাক ধূলি দি পানী আৰু মাটিৰ তলেৰে ভাৰত ভূমিত প্রৱেশৰ প্রশিক্ষণ চলাইছে৷ গুৰুত্বপূর্ণ যে সীমান্তত পহৰাৰত বি এছ এফে ইতিমধ্যে দুই দেশৰ সীমান্তত ১১টাতকৈ অধিক সুৰংগ চিনাক্ত কৰিবলৈ সক্ষম হৈছে৷ এই চিনাক্ত কৰা সুৰংগৰ তথ্যই পাকিস্তানী সন্ত্রাসবাদীৰ নতুন কৌশল পোহৰলৈ আনিছে৷