ভাৰতত টেছলাৰ প্ৰৱেশ নিশ্চিত! ইলন মাস্কৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ
প্ৰযুক্তি খণ্ড-ইলন মাস্কৰ কোম্পানীৰ মাজত ক্ৰমবৰ্ধমান সহযোগিতাৰ প্ৰতিও বিশেষ গুৰুত্ব
নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ টেছলা আৰু স্পেচএক্সৰ স্বত্বাধিকাৰী ইলন মাস্কৰ সৈতে ফোনযোগে কথাবতৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এই বাৰ্তালাপত দুয়োজনে ভাৰত আৰু আমেৰিকাৰ মাজত প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে।
চলিত বৰ্ষৰ আৰম্ভণিতে ৱাশ্বিংটন ডিচিত হোৱা বৈঠকৰ কথা মনত পেলাই তেওঁলোকে কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰে। বাৰ্তালাপত ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰযুক্তি খণ্ড আৰু ইলন মাস্কৰ কোম্পানীসমূহৰ মাজত ক্ৰমবৰ্ধমান সহযোগিতাৰ প্ৰতিও বিশেষ গুৰুত্ব দিয়া হয়।
প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “মই ইলন মাস্কৰ সৈতে কথা পাতিছিলো আৰু চলিত বৰ্ষৰ আৰম্ভণিতে ৱাশ্বিংটন ডিচিত লগ পোৱাৰ সময়ত আলোচনা কৰা বিষয়সমূহকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিছিলো। প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ বিশাল সম্ভাৱনাৰ বিষয়ে আমি আলোচনা কৰিছিলো। এই ক্ষেত্ৰত আমেৰিকাৰ সৈতে অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিবলৈ ভাৰত সম্পূৰ্ণৰূপে সাজু।” উল্লেখ্য যে টেছলাই ভাৰতৰ বৈদ্যুতিক বাহনৰ বজাৰত প্ৰৱেশৰ সুযোগ বিচাৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইলন মাস্কৰ শেষ সাক্ষাৎ ফেব্ৰুৱাৰী মাহত, যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল। এই দুদিনীয়া ভ্ৰমণৰ সময়ছোৱাত দুয়োজনে বৈদ্যুতিক বাহন, সৌৰশক্তি আৰু মহাকাশৰ দৰে নতুন আৰু উদীয়মান ক্ষেত্ৰত একেলগে কাম কৰাৰ সম্ভাৱনাৰ ওপৰত আলোচনা কৰে।
এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে ইলন মাস্কৰ তিনি সন্তানক ভাৰতীয় সাহিত্যৰ কিছু বিশেষ গ্ৰন্থ উপহাৰ দিয়ে। ইয়াৰ ভিতৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ “দ্য ক্ৰেচেণ্ট মুন”, আৰ.কে. নাৰায়ণৰ “দ্য গ্ৰেট আৰ.কে. নাৰায়ণ সংগ্ৰহ”, আৰু পণ্ডিত বিষ্ণু শৰ্মাৰ “পঞ্চতন্ত্ৰ”।