নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত ভাৰতত উপস্থিত নাইজেৰিয়াত পণবন্দী অসমৰ মহিলা বক্সাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ নৱেম্বৰ : অৱশেষত নিজ দেশত উপস্থিত হ’ল নাইজেৰিয়াত পণবন্দী হৈ থকা অসমৰ মহিলা বক্সাৰ বর্ণালী বৰুৱা শইকীয়া৷ সম্পূর্ণ ২১ দিনৰ পিছত কিঙৰ কবলৰ পৰা মুক্তি পোৱা বক্সাৰ–প্রশিক্ষকগৰাকী সুস্থ শৰীৰে কালি পুৱতিনিশা মুম্বাইত উপস্থিত হয়৷ মুম্বাইৰ এজন বন্ধুৰ সহায়ত স্বদেশত উপস্থিত হোৱা বর্ণালী বৰুৱা শইকীয়া সম্প্রতি মুম্বাইত চিকিৎসাধীন হৈ আছে৷ উল্লেখ্য যে যোৱা ২৮ অক্টোবৰত ১৪ দিনৰ ভিছা লৈ নাইজেৰিয়ালৈ যোৱা বর্ণালী বৰুৱা শইকীয়াক বন্দী কৰি ৰাখিছিল কিং নামৰ এজন লোকে৷ সামাজিক মাধ্যমৰ জৰিয়তে কিঙৰ সৈতে চিনাকি হোৱা বর্ণালী বৰুৱা শইকীয়াক নাইজেৰিয়াত বক্সিং আৰু শৰীৰ চর্চাৰ প্রশিক্ষণ দিয়াৰ বাবে নাইজেৰিয়ালৈ আমন্ত্রণ জনাইছিল এইজন ব্যক্তিয়ে৷ প্রথম অৱস্থাত বর্ণালী বৰুৱা শইকীয়াৰ স্বামীৰ সৈতে চিনাকি হোৱাৰ পিছত পৰৱর্তী সময়ত এই কিং নামৰ লোকজন গুৱাহাটীলৈ আহিছিল আৰু তেতিয়াই বর্ণালী বৰুৱা শইকীয়াৰ সৈতেও চিনাকি হৈছিল৷ এই চিনাকিসূত্রেই নাইজেৰিয়ালৈ যাত্রা কৰা বর্ণালী বৰুৱা শইকীয়াই দেশখনৰ লাগাছো বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে কিঙে তেওঁক এটা ঘৰলৈ নি বন্দী কৰি ৰাখে৷ সেয়াই নহয়, বর্ণালী বৰুৱা শইকীয়াৰ পাছপ’ৰ্ট আৰু ভিছা কাঢ়ি লয় আৰু পৰিয়ালৰ সৈতে যোগাযোগৰ ক্ষেত্রতো বাধা আৰোপ কৰে৷ চাৰি দিন এনেকৈ থকাৰ পিছত কোনোমতে মহিলা বক্সাৰগৰাকীয়ে পৰিয়ালৰ সৈতে ভিডিঅ’কলযোগে যোগাযোগ কৰিবলৈ সক্ষম হয়৷ এই যোগাযোগৰ সময়তে তেওঁক কিদৰে বন্দী কৰি ৰাখিছে সেই কথা প্রকাশ কৰে৷ আনহাতে, বর্ণালী বৰুৱা শইকীয়াক নাইজেৰিয়ালৈ আমন্ত্রণ জনাই আবদ্ধ কৰি ৰখা কিং নামৰ লোকজনে পৰৱর্তী সময়ত বক্সাৰগৰাকীৰ স্বামীলৈ ভিডিঅ’কল কৰি ধন বিচাৰে৷ উপায়হীন হৈ স্বামীয়ে কিঙলৈ ১.২০ লাখ টকা প্রেৰণ কৰে৷ এই ধন পোৱাৰ পিছতে পুনৰ ধনদাবী কৰা কিঙে ধনৰাশি লাভৰ পিছতহে বর্ণালী বৰুৱা শইকীয়াক আহিবলৈ দিয়া হ’ব বুলি স্পষ্ট কৰে৷ উপায়হীন হৈ পৰিয়ালৰ লোকে দিছপুৰ থানাত এটা গোচৰ ৰুজু কৰে৷ উক্ত গোচৰ অনুসৰিয়েই ৰাজ্যৰ গৃহ বিভাগে কেন্দ্রীয় গৃহ মন্ত্রালয়ক বিষয়টো অৱগত কৰে আৰু কেন্দ্রীয় চৰকাৰে নাইজেৰিয়াত থকা ভাৰতীয় ৰাষ্ট্রদূতক এই কথা জানিবলৈ দিয়ে৷ নাইজেৰিয়াস্থিত ভাৰতীয় ৰাষ্ট্রদূতে দেশখনৰ চৰকাৰৰ সৈতে আলোচনা কৰি বর্ণালী বৰুৱা শইকীয়াক উদ্ধাৰত আগভাগ লয়৷ মন কৰিবলগীয়া যে ১৩ অক্টোবৰত বেংগালুৰুলৈ ঘূৰি অহাৰ কথা আছিল যদিও কিং নামৰ লোকজনে বর্ণালী বৰুৱা শইকীয়াৰ পাছপ’ৰ্ট ওভতাই নিদিয়াৰ বাবে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল৷ অৱশ্যে সমগ্র ঘটনা সন্দর্ভত মুম্বাইৰ এজন বন্ধুৱে বর্ণালী বৰুৱা শইকীয়াক বিশেষভাৱে সহায় আগবঢ়ায়৷ এই লোকজনৰ সহায়তে নাইজেৰিয়াৰ পৰা কালি পুৱতি নিশা মুম্বাইত উপস্থিত হ’বলৈ সক্ষম হ’ল মহিলা বক্সাৰগৰাকী৷ যথেষ্ট অসুস্থ হৈ পৰা বর্ণালী বৰুৱা শইকীয়াক মুম্বাইত ইতিমধ্যে চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷ কিছু সুস্থ হ’লেহে অপহৰণৰ সকলো কথা পোহৰলৈ আহিব৷

You might also like