নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙা লোকসভা সমষ্টিত কংগ্রেছৰ প্রার্থী হ’ব ভূপেন বৰা !

🔹 নিজেই নিজৰ প্রার্থিত্ব ঘোষণা প্রদেশ কংগ্রেছৰ সভাপতিৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ নৱেম্বৰ : আসন্ন লোকসভা নির্বাচনত অসমৰ কাজিৰঙা সমষ্টিৰ পৰা কংগ্রেছ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা আগবঢ়াব প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই৷ কালি ডবকাত সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰি নিজেই নিজৰ প্রার্থিত্ব ঘোষণা কৰিলে বৰাই৷ বৰাই কয় যে কংগ্রেছ দলে আগন্তুক লোকসভা নির্বাচনৰ বাবে সম্পূর্ণ সাজু হৈ উঠিছে৷ প্রতিটো সমষ্টিত প্রার্থী বাছনিৰ প্রক্রিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে৷ সমাগত লোকসভা নির্বাচনত বিৰোধী ঐক্যমঞ্চই অসমৰ ১৪খন লোকসভা আসনতে একোগৰাকীকৈ উমৈহতীয়া প্রার্থী থিয় কৰাব৷ তেওঁৰ নিজৰেই কাজিৰঙা লোকসভা সমষ্টিৰ পৰা নির্বাচন খেলাৰ ‘লোভ’ আছে বুলি উল্লেখ কৰি কয় যে টকা–পইচা খৰচ নকৰাকৈ হোজাই জিলাত এক লাখ ভোটত লীড পাব বুলি দলীয় কর্মীসকলে তেওঁক জনাইছে৷ এই সকলো অংক মিলাই কাজিৰঙা সমষ্টিৰ পৰা তেওঁ বিজয়ী হ’ব বুলি দাবী কৰে৷ মন কৰিবলগীয়া এয়ে যে হোজাই জিলাৰ কংগ্রেছ নেতৃত্বৰ লগত ডবকাৰ কাজিৰঙা হোটেলত এখন বৈঠকত সভাপতি বৰা মিলিত হয় আৰু তাৰ পাছতেই সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে৷ আনহাতে, বর্তমানৰ সাংসদ গৌৰৱ গগৈ, প্রদ্যুৎ বৰদলৈ সকলোৱে আসন্ন লোকসভা নির্বাচনত অৱতীর্ণ হ’ব বুলি উল্লেখ কৰি সভাপতি বৰাই কয় যে অহা ৯ ডিচেম্বৰৰ পৰা কংগ্রেছে প্রার্থিত্বপ্রত্যাশীসকলৰ পৰা আনুষ্ঠানিকভাৱে আবেদন–পত্র বিচাৰিব৷ সেই সময়ত গম পোৱা যাব কোন প্রার্থীয়ে কোন সমষ্টিৰ পৰা নির্বাচন খেলিবলৈ টিকট বিচাৰিব৷ ইপিনে, ভূপেন বৰাই কাজিৰঙা সমষ্টিৰ পৰা নির্বাচন খেলিবলৈ ‘লোভ’ আছে বুলি কৰা মন্তব্যক তীব্র কটাক্ষ কৰিছে ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই৷ এই সন্দর্ভত পীয়ূষ হাজৰিকাই কয় যে ভূপেন বৰা এজন লুভীয়া মানুহ৷ লোভেই পাপ, পাপেই মৃত্যু৷ কাজিৰঙা লোকসভা সমষ্টিত যদি ভূপেন বৰাই প্রতিদ্বন্দ্বিতা কৰে, তিনি লাখ ভোটৰ ব্যৱধানত একেৰাহে চতুর্থবাৰৰ বাবে নির্বাচনত পৰাজয়বৰণ কৰি হৰাৰ ৰেকর্ড গঢ়িব৷ এগৰাকী দায়িত্বশীল ৰাজনৈতিক নেতাই ‘লোভ’ লাগিছে বুলি ক’ব নাপায়৷ ভূপেন বৰা যে এগৰাকী লুভীয়া মানুহ, তেওঁৰ কথাতেই প্রকাশ হৈছে৷ আগন্তুক নির্বাচনত ভূপেন বৰাৰ ৰাজনৈতিকভাৱে মৃত্যু হ’ব৷ আনহাতে, ৰাজ্যত চলি থকা অন্য এক চর্চিত প্রসংগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগত একমত প্রকাশ কৰি মন্ত্রী হাজৰিকাই কয় যে আজমল নামৰ এই মানুহবিলাকক অসমৰ সমাজৰ পৰা নাইকিয়া কৰিব লাগে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ প্রতি ৰাইজে সঁহাৰি জনোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্রীয়ে অবাস্তৱ কথা নকয়৷ তেওঁ যি অনুৰোধ কৰে, অসমৰ ৰাইজে শুনে৷ আজমল কোনো ব্যক্তিবিশেষ নহয়৷ আজমল লাভ জেহাদৰ প্রতীক, আজমল ভূমি জেহাদৰ প্রতীক, চুৰি–ডকাইতি কৰি সমাজক সন্ত্রসিত কৰা কিছু লোকৰ প্রতিফল আজমল৷ এনেদৰেই কিছুদিন পূর্বে আজমলৰ ব্যাখ্যা কৰিছিল মুখ্যমন্ত্রী ড০ শর্মাই৷ ঘটনা সন্দর্ভত এআইইউডিএফে আইনী ব্যৱস্থা লোৱাৰ প্রসংগত মন্ত্রী হাজৰিকাই কয় যে এআইইউডিএফ নিজেই বেআইনী৷ তেওঁলোকে বেলেগৰ ওপৰত কি আইনী ব্যৱস্থা ল’ব? এনে কথাত আমি কেতিয়াও ভয় নাখাওঁ৷ সেইদৰে লোকসভা নির্বাচনৰ ফলাফলৰ দিনা বিৰোধীয়ে সকলো গম পাই যাব বুলি মন্তব্য কৰি মন্ত্রী হাজৰিকাই কয় যে বিৰোধীৰ যিসকলে চৰকাৰ তথা মুখ্যমন্ত্রীক সমালোচনা কৰি আছে, তেওঁলোকে ফলাফলৰ পাছত এবছৰলৈকে মার্কেটত নাইকিয়া হৈ যাব৷ বিৰোধীয়ে ক’বৰ দৰে মুখ্যমন্ত্রী ড০ শর্মাই আজমলৰ লগত লগ লাগিব নোৱাৰে বুলি স্পষ্ট কৰি দি মন্ত্রী হাজৰিকাই কয় যে আজমল যদি সুমেৰুত আমি কুমেৰুত আছোঁ৷ বিগত নির্বাচনত কংগ্রেছেহে এআইইউডিএফৰ লগ লাগিছে৷ কংগ্রেছে সেই পাপৰ পৰা মুক্তি পাবলৈ এনেদৰে আবোল–তাবোল বকি থাকে৷ প্রত্যেক মাহত কংগ্রেছৰ সভাত এখন মাৰপিটৰ ছিৰিয়েল হয় বুলি কটাক্ষ কৰি তেওঁ আৰু কয় যে পৰৱর্তী ঘটনা নগাঁৱত হ’ব৷ বিৰোধী ঐক্যমঞ্চই আসন্ন লোকসভা নির্বাচনত সহযোগী দলক মাত্র এখন আসন এৰি দিব বুলি মন্তব্য কৰি তেওঁ কয় যে সেই আসনখনতো আমি তথা বিজেপি দলে চাৰে তিনি লাখ ভোটত জয়ী হ’বলৈ সক্ষম হ’ম৷

You might also like