নিজ্জৰৰ হত্যাত জড়িত নহয় প্রধানমন্ত্রী মোদী
🔹 সংবাদ মাধ্যমত প্রকাশিত বাতৰিক লৈ পাভলুটি কানাডা চৰকাৰৰ
নিউজ ডেস্ক, ২৩ নৱেম্বৰ : ভাৰতৰ শক্তিশালী স্থিতিৰ বাবে অৱশেষত কানাডাৰ সংবাদ মাধ্যমত খালিস্তানী সন্ত্রাসবাদী হৰদীপ সিং নিজ্জৰৰ হত্যাত ভাৰতৰ প্রধানমন্ত্রী, বৈদেশিক মন্ত্রী আৰু এনএছএ জ্ঞাত বুলি প্রকাশিত বাতৰিক লৈ পাভলুটি মাৰিলে কানাডা চৰকাৰে৷ কানাডাৰ প্রধানমন্ত্রী জাষ্টিন ট্রুডিউ নেতৃত্বাধীন চৰকাৰে দেশখনৰ সংবাদ মাধ্যমত প্রকাশিত বাতৰি সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে সংবাদ মাধ্যমত চর্চিত বাতৰিয়ে কানাডা চৰকাৰক প্রতিনিধিত্ব নকৰে৷ এই বাতৰি মনেসজা আৰু অসত্য৷ উল্লেখ্য যে কানাডাৰ সংবাদ মাধ্যমত খালিস্তানী সন্ত্রাসবাদী তথা কানাডাৰ নাগৰিক হৰদীপ সিং নিজ্জৰক হত্যাৰ বিষয়ে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী, বৈদেশিক মন্ত্রী এছ জয়শংকৰ আৰু এনএছএ অজিত ডোভাল জ্ঞাত আছিল বুলি প্রকাশ পাইছিল৷ এই বাতৰি সন্দর্ভত তীব্র প্রতিক্রিয়া ব্যক্ত কৰি নতুন দিল্লীয়ে কানাডাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে৷ নতুন দিল্লীৰ স্থিতিত সেও মানি কানাডা চৰকাৰে কয় যে চৰকাৰখনে নিজ্জৰৰ হত্যাকে ধৰি কানাডাত গুৰুতৰ অপৰাধমূলক কার্যত প্রধানমন্ত্রী মোদী, জয়শংকৰ অথবা ডোভাল জড়িত থকা বুলি জ্ঞাত নহয়৷ সংবাদ মাধ্যমত প্রকাশিত বাতৰি ভিত্তিহীন৷ উল্লেখ্য যে কানাডাৰ সংবাদ মাধ্যমত দেশখনৰ ভূমিত অপৰাধমূলক কার্য সংঘটিত কৰাত ভাৰত চৰকাৰ জড়িত থকা বুলি বাতৰি প্রকাশ পাইছিল৷ সন্ত্রাসবাদী নিজ্জৰৰ হত্যাক লৈ ভাৰত আৰু কানাডাৰ মাজত সম্পর্কৰ চৰম অৱনতি ঘটি থকাৰ সময়তে কানাডাৰ সংবাদ মাধ্যমত ভাৰতৰ প্রধানমন্ত্রী, বৈদেশিক মন্ত্রী আৰু এনএছএৰ বিৰুদ্ধে বাতৰি প্রকাশ কৰাক লৈ চৰকাৰখন অস্বস্তিত পৰিছে৷ উল্লেখ্য যে ২০২৩ চনৰ জুনত কানাডাৰ ব্রিটিছ কলম্বিয়াৰ গুৰুদ্বাৰৰ বাহিৰত খালিস্তানী সন্ত্রাসবাদী হৰদীপ সিং নিজ্জৰক হত্যা কৰা হৈছিল৷ নিজ্জৰৰ এই হত্যাক লৈয়ে ভাৰত আৰু কানাডাৰ মাজৰ সম্পর্কত চৰম অৱনতি ঘটে৷ ভাৰতৰ বাবে ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী নিজ্জৰ কানাডাৰ নাগৰিক৷