পিয়াঁজ ৰপ্তানিত ৪০ শতাংশ শুল্ক আৰোপ কেন্দ্ৰৰ
🔹 দেশৰ বজাৰত দাম নিয়ন্ত্ৰণৰ লক্ষ্য
বিশেষ বাৰ্তা, ২০ আগষ্ট : বিলাহীৰ দৰে কেন্দ্রীয় চৰকাৰে দেশৰ বজাৰত পিয়াঁজৰ দাম নিয়ন্ত্রণ কৰিবলৈ পিয়াঁজ ৰপ্তানিত ৪০ শতাংশ শুল্ক আৰোপ কৰিছে৷ ইয়াৰ ফলত দেশৰ বজাৰত পিঁয়াজৰ যোগান বৃদ্ধি পাব, যাৰ ফলত চাহিদা পূৰণ সম্ভৱ হ’ব। ছেপ্টেম্বৰ মাহত পিয়াঁজৰ দাম আকাশলংঘী হ’ব পাৰে বুলি আশংকা কৰিছে। তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগতীয়াকৈ প্ৰস্তুতি চলোৱাৰ অংশ হিচাপে শনিবাৰৰ পৰা বহিঃৰাজ্যলৈ পিয়াঁজ ৰপ্তানিত ৪০ শতাংশ শুল্ক আৰোপ কৰা হৈছে। এই নিয়ম চলিত বৰ্ষৰ শেষ দিন অৰ্থাৎ ৩১ ডিচেম্বৰ পৰ্যন্ত বলৱৎ থাকিব। যোৱা সপ্তাহত চৰকাৰে কিছুমান বিশেষ স্থানত মূল্য নিয়ন্ত্ৰণৰ বাবে আগতীয়াকৈ সামগ্ৰী মজুত কৰাৰ কথা ঘোষণা কৰিছিল। অক্টোবৰ মাহত নতুন শস্যৰ আগলৈকে যাতে দাম নিয়ন্ত্ৰণৰ বাহিৰলৈ নাযায়, তাৰ বাবেই এই ব্যৱস্থা কৰা হৈছিল। বৰ্তমান চৰকাৰৰ পি এছ এফত ৩ লাখ টন পিঁয়াজ মজুত আছে। চৰকাৰী তথ্য অনুসৰি দেশত পিয়াঁজৰ মূল্য সামান্য বৃদ্ধি হোৱাৰ ইংগিত পোৱা গৈছে। পিয়াঁজ ৰপ্তানিৰ ওপৰত ৪০ শতাংশ শুল্ক আৰোপ কৰি মূল্য নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে কেন্দ্ৰই।