নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আম্পায়াৰৰ নাম ঘোষণা আইচিচিৰ

🔹 কাইলৈ চেম্পিয়নছ ট্রফীৰ ফাইনেল

নিউজ ডেস্ক, ৮ মার্চ : দেওবাৰে অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফীৰ ফাইনেল মেচ৷ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ডুবাই আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই ফাইনেল মেচখনৰ বাবে আম্পায়াৰৰ নাম ঘোষণা কৰিছে আইচিচিয়ে৷ প্রতিযোগিতাখনৰ ফাইনেল মেচখনৰ বাবে অনফিল্ড আম্পায়াৰৰ দায়িত্ব দিছে পল ৰেহফেল আৰু ৰিচার্ড হলিংৱর্থক৷ মেচখনৰ থার্ড আম্পায়াৰৰ দায়িত্বত থাকিব জোৱেল উইলছন৷ আনহাতে, কুমাৰ ধর্মছেনাক চতুৰ্থ আম্পায়াৰৰ দায়িত্ব প্রদান কৰা হৈছে, যি প্রশাসনিক দায়িত্বৰ লগতে ফিল্ড আম্পায়াৰক সহযোগিতা কৰিব৷ মেচ ৰেফাৰীৰ দায়িত্বত থাকিব ৰঞ্জন মাডুগালে৷ ৰিচার্ড হলিংৱর্থক অনফিল্ড আম্পায়াৰৰ দায়িত্ব দিয়াত ভাৰতীয় ক্রিকেটপ্রেমীৰ মনত মিশ্রিত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ কিয়নো ২০২৩ চনৰ বিশ্বকাপৰ ফাইনেলতো ফিল্ড আম্পায়াৰৰ দায়িত্বত আছিল হলিংৱর্থ৷ সেই মেচত টীম ইণ্ডিয়াৰ পৰাজয়ে হৃদয় ভাঙিছিল ভাৰতীয় ক্রিকেটপ্রেমীৰ৷ অৱশ্যে ২০২৪ চনৰ টি–২০ বিশ্বকাপৰ ফাইনেলত ভাৰতে জয়লাভ কৰাৰ সময়তো তেওঁ উপস্থিত আছিল, য’ত ভাৰতে ১১ বছৰৰ পিছত প্রথমবাৰৰ বাবে আইচিচি ট্ৰফী লাভ কৰিছিল৷ তদুপৰি শেহতীয়াকৈ ডুবাইত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত গ্রুপ পর্যায়ৰ খেলখনো হলিংৱর্থে পৰিচালনা কৰিছিল, য’ত ভাৰতে ৪৪ ৰানত জয়লাভ কৰিছিল৷

You might also like