নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছৰি ১০ লাখ বর্গকিলোমিটাৰ ভূমিক্ষয় পৃথিৱীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ ডিচেম্বৰঃ ভয়াৱহ গতিত বিশ্বজুৰি ভূমিক্ষয় চলি আছে৷ বছৰি ১০ লাখ বর্গকিলোমিটাৰকৈ ভূমিক্ষয় হৈছে পৃথিৱী গ্রহৰ৷ জলবায়ু পৰিৱর্তন ৰোধ, প্রকৃতিক ৰক্ষা কৰা নাইবা পৰিৱেশৰ স্থিতাৱস্থা অক্ষত ৰখা ক্রমাৎ দুৰূহ হৈ পৰিছে৷ শেহতীয়াকৈ ৰাষ্ট্রসংঘৰ তৰফৰ পৰা প্রকাশিত এক গৱেষণা–পত্রত এই দাবী কৰা হৈছে৷ গৱেষকসকলে সদৰী কৰা অনুসৰি, ইতিমধ্যে এক কোটি ৫০ লাখ বর্গকিলোমিটাৰ ভূমি নিশ্চিহ্ণ হৈ গৈছে৷ ইয়াৰ আয়তন প্রায় দক্ষিণ মেৰুৰ সমান৷ প্রকৃতি বিজ্ঞানীসকলে দাবী কৰা অনুসৰি, অবিলম্বে ভূমিৰ ওপৰত অত্যাচাৰ বন্ধ কৰিব লাগিব৷ অন্যথা বিপদ আসন্ন৷ কিছুদিন পিছতেই ছৌদি আৰবৰ ৰিয়াধত অনুষ্ঠিত হ’ব ‘আর্থ ছামিট’ বা বসুন্ধৰা সন্মিলন৷ বিশ্বজুৰি বৃদ্ধি পাই থকা মৰু অঞ্চলক প্রতিৰোধ কৰা বিষয়টো সন্দর্ভত এই সন্মিলনত আলোচনা কৰিব বিশেষজ্ঞ মহলে৷ অংশগ্রহণ কৰিব কমপক্ষেও ২০০খন দেশৰ প্রতিনিধিয়ে৷ জলবায়ু পৰিৱর্তন আৰু জৈৱ–বৈচিত্র্যক লৈ ৰাষ্ট্রসংঘৰ অন্য দুখন সন্মিলনতকৈ এই বসুন্ধৰা সন্মিলনৰ প্রচাৰ কিছু কম৷ ১৯৯২ চনৰ পৰা আৰম্ভ হোৱা এই সন্মিলনৰ মূল লক্ষ্য হৈছে পৃথিৱীক বসবাসৰ যোগ্য কৰি ৰখা৷ ৰিয়াধৰ সন্মিলনৰ পূর্বে প্রকাশ পোৱা এই গৱেষণা–পত্রখনে বিশেষ তাৎপর্য কঢ়িয়াইছে৷ এই গৱেষণা–পত্রৰ সৈতে যুক্ত হৈ আছে ইউনাইটেড নেচন কনভেনচন অন কমবেটিং ডেজার্টিফিকেচন (ইউএনচিচিডি)৷ সংস্থাৰ কার্যবাহী সচিব ইব্রাহিম থিয়াওৱে উল্লেখ কৰা অনুসৰি ভূমিৰ গুৰুত্ব তথা ভূমিকা বুজিব নোৱাৰিলে, যথাযথ ব্যৱস্থা গ্রহণ কৰিব নোৱাৰিলে তাৰ প্রভাৱ জীৱনৰ সকলো ক্ষেত্রতে পৰিব৷ ভৱিষ্যৎ প্রজন্মৰ জীৱন ধাৰণ কঠিন হৈ উঠিব বুলিও ইব্রাহিমে মন্তব্য কৰিছে৷

You might also like