নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুত্রৰ মৰণোত্তৰ সন্মান লগত লৈ পিতৃগৃহলৈ গুচি গৈছে বোৱাৰী

🔹 ছিয়াছেনৰ শ্বহীদ অংশুমানৰ পিতৃৰ অভিযোগক লৈ চাঞ্চল্য

বিশেষ বাৰ্তা, ১৩ জুলাই : পুত্রৰ মৰণোত্তৰ সন্মান লৈ পিতৃৰ ঘৰলৈ গুচি গৈছে বোৱাৰী। চাঞ্চল্যকৰ এই অভিযোগ আনিছে প্রয়াত কেপ্টেইন অংশুমান সিঙৰ পিতৃয়ে৷ কেৱল কীর্তিচক্র লৈ যোৱাই নহয়, অংশুমানৰ যাৱতীয় নথি-পত্রত নিজৰ পিতৃৰ ঘৰৰ ঠিকনা দিছে বোৱাৰীয়ে৷ এই অভিযোগ আনিলে অংশুমানৰ পিতৃ ৰবি প্রতাপ সিঙে৷ যোৱা বছৰ জুলাই মাহত ছিয়াছেনৰ এক ভয়াৱহ অগ্নিকাণ্ডত উদ্ধাৰ অভিযানত চামিল হৈছিল অংশুমান৷ কেইবাজনৰো প্রাণৰক্ষা কৰিলেও ছিয়াছেনত শ্বহীদ হয় অংশুমান৷ ইয়াৰ পিছত যোৱা ৫ জুলাইত অংশুমানক কীর্তিচক্র সন্মানেৰে মৰণোত্তৰভাৱে সন্মানিত কৰে ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে৷ এই সন্মান নিবলৈ ৰাষ্ট্রপতি ভৱনত উপস্থিত আছিল প্রয়াত অংশুমানৰ পত্নী স্মৃতি আৰু মাতৃ মঞ্জু৷ উল্লেখনীয় যে বীৰত্বৰ ক্ষেত্রত ভাৰতৰ দ্বিতীয় সর্বোচ্চ সন্মান এই কীর্তিচক্র৷ কিন্তু ৰাষ্ট্রপতিৰ পৰা পোৱা এই সন্মান নিজৰ পিতৃৰ ঘৰলৈ লৈ গৈছে স্মৃতিয়ে৷ এই অভিযোগক লৈ এতিয়া তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ সংবাদ মাধ্যমৰ সন্মুখত অংশুমানৰ পিতৃয়ে কয় যে পুত্রৰ চৰকাৰী নথি-পত্রৰ সমস্ত ঠিকনা সলনি কৰি দিছে তেওঁৰ বোৱাৰীয়ে৷

You might also like