নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহান চোৰ : কর্কট ৰোগীৰ চিকিৎসাত নিজৰ সমস্ত ধন খৰচ

🔹 মটৰচাইকেল চোৰক গ্রেপ্তাৰ কৰি হতবাক আৰক্ষী

বিশেষ বাৰ্তা, ২৫ জুলাই : আইনৰ দৃষ্টিত চুৰি শাস্তিযোগ্য অপৰাধ৷ কিন্তু এটা শ্রেণীৰ পর্বতসম সম্পদৰ বাবে অন্য পক্ষৰ ক্ষুধা নিবাৰণ যেতিয়া অসম্ভৱ হৈ উঠে, তেতিয়া সামাজিক দৃষ্টিত চুৰি অপৰাধ হয় নেকি! সম্পদৰ সমবণ্টনৰ দৃষ্টিভংগীৰ পৰা এনে চুৰি কিমান ‘অপৰাধ’, পৃথকভাৱে চিন্তা কৰিবলগীয়া হ’ল৷ আইন আৰু নৈতিকতাৰ এনে একাধিক জটিল প্রশ্ণ সমাজৰ সন্মুখত থিয় কৰাই দিলে এজন মচৰচাইকেল চোৰে৷ পেটৰ টানত পৰি চুৰিক পেছা হিচাপে বাছি ল’লেও এগৰাকী কর্কট ৰোগীৰ চিকিৎসাৰ বাবে নিজৰ সর্বস্ব বিলাই দিলে এজন চোৰে৷ এজন অপৰাধীৰ এনে মানৱীয় পদক্ষেপে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ হূদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ অশোক ওৰফে এপ্পল এজন পেছাদাৰী চোৰ৷ দিনত ফল বিক্রেতা হিচাপে কাম কৰে আৰু চহৰৰ দামী দামী মটৰচাইকেলবোৰ চুৰি কৰে অশোকে৷ কিন্তু চুৰিৰ পথত নামিলেও মানৱীয়তা হেৰুৱাই পেলোৱা নাছিল এই চোৰজনে৷ দুর্দিনত আশ্রয় দিয়া বন্ধুৰ কর্কট আক্রান্ত পত্নীৰ চিকিৎসাৰ বাবে নিজৰ সর্বস্ব দান কৰি সকলোৰে নজৰ কাঢ়িলে এই মটৰচাইকেল চোৰে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, অশোক আৰু তেওঁৰ সংগী সতীশে বেংগালুৰুৰ এটা বেচৰকাৰী সংস্থাৰ অভিযন্তাৰ মটৰচাইকেল চুৰি কৰে৷ এই গোচৰৰ তদন্তত নামি আৰক্ষীয়ে অশোকক গ্রেপ্তাৰ কৰে৷ ইতিমধ্যে অশোকৰ নামত ১৫টা গোচৰ আছে৷ এটা গোচৰত কাৰাবন্দী হৈ এমাহ পূর্বে মুক্তি লাভ কৰিছিল অশোকে৷ শেহতীয়া গোচৰটোৰ আৰক্ষীয়ে তদন্ত কৰি অশোকক গ্রেপ্তাৰ কৰাৰ পিছত সমস্ত ঘটনা জানিবলৈ সক্ষম হয়৷ ইয়াৰ পিছতে অশোকক বিভিন্নজনে ‘ৰবীনহুড’ বুলি অভিহিত কৰিছে৷

You might also like